আন্তঃগাঁথনিৰ অভাৱে শিক্ষা নীতি অসাৰ কৰিব: আছু

AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰই গ্ৰহণ কৰা নতুন শিক্ষা নীতি ২০২০ সন্দৰ্ভত বৃহস্পতিবাৰে কয় যে তলৰ পৰা ওপৰলৈ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ অভাৱে সুফল পোৱাত অন্তৰায় সৃষ্টি কৰিব।

এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে দিয়া বিবৃতিৰ সাৰাংশ আগবঢ়োৱা হ’ল—

নতুন শিক্ষা নীতিৰ খচৰাৰ ওপৰত আছুৱে বহু বিশেষজ্ঞৰ মতামত গ্ৰহণ কৰিছে। খচৰাখনৰ বিৰুদ্ধে গোটেই দেশতে জনমত গঢ়ি উঠিছিল। প্ৰায় দুইলাখৰো অধিক আপত্তি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিভিন্ন ৰাজ্য চৰকাৰ, সংগঠন আৰু ব্যক্তিয়ে দাঙি ধৰিছিল।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শিক্ষা নীতিৰ পৰা জনা গ’ল যে জনসাধাৰণৰ মতামতক বিশেষ গুৰুত্ব দিয়া নহ’ল। নতুন নীতিয়ে চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত বিদ্যালয়ৰ মাজত ব্যৱধান বহুখিনি বৃদ্ধি কৰিলে।

অসমত এতিয়াও হাজাৰ বিজাৰ বিদ্যালয়ত আহল-বহল কোঠা নাই, সা-সামগ্ৰী নাই, প্ৰতিটো শ্ৰেণীৰ বাবে একোজন শিক্ষক নাই—তেনে পৰিৱেশত উপযুক্ত মানসিকতাৰ শিশুক গঢ় দিয়াৰ নীতি সপোনৰ বাদে একো নহয়।

শিক্ষা নীতিত আকৌ কোৱা হৈছে যে বিভিন্ন বিদ্যালয়ৰ সা-সুবিধা আৰু শিক্ষকৰ মাজত এটা বিনিময় প্ৰক্ৰিয়া চলিব। চুকে-কোণে থকা বিদ্যালয়সমূহৰ অৱস্থা নজনাসকলেহে এনেবোৰ নীতি প্ৰস্তুত কৰিব পাৰে।

শিক্ষা নীতিত এইটোও কোৱা হৈছে যে একোখন চৰকাৰী বিদ্যালয়ক একোখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সাঙুৰি দিয়া হ’ব।…কেনেদৰে সাঙুৰি দিয়া হ’ব বোধগম্য নহয়।…আঁৰত কি উদ্দেশ্য আছে সেয়াও বোধগম্য নহয়।

শিক্ষা নীতিৰ জৰিয়তে এটা কেন্দ্ৰীভূত ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। ভাৰতবৰ্ষ এখন ফেডাৰেল গাঁথনিৰ ৰাষ্ট্ৰ। কিন্তু বৰ্তমান চৰকাৰখনে সকলো কথাতে এটা কেন্দ্ৰীভূত চিন্তা জাপি দিবলৈ চেষ্টা কৰি আহিছে।

সকলো স্তৰতে উপযুক্ত আন্তঃগাঁথনি গঢ়ি নোতোলাকৈ শিক্ষা নীতি জাপি দিব বিচাৰিলে তাৰপৰা সুফল পোৱা নাযায়।

ছাত্ৰ সন্থাই পুনৰ দাবী উত্থাপন কৰে যে সকলো আঁচনিৰ বাবে পৰ্য্যাপ্ত ধন যোগান ধৰি কাৰ্য্যকৰী ব্যৱস্থাৱলী ৰাজ্য চৰকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰা উচিত।

উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ অধীন শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীন শিক্ষানুষ্ঠানৰ মাজত ব্যাপক ব্যৱধান ৰাখিব বিচৰা হৈছে। ই সামগ্ৰিক বিকাশৰ পৰিপন্থী ব্যৱস্থা।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ লগত জৰিত বিশেষজ্ঞক জৰিত নকৰাৰ বাবে অঞ্চলটোৰ সমস্যাৱলীয়ে শিক্ষা নীতি প্ৰস্তুত কৰোঁতে বিশেষ ঠাই নাপালে।