NORTHEAST NOW (Assamese)

ভূমি: অসম চৰকাৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে টীয়কত আছুৰ প্ৰতিবাদ, দল-সংগঠনৰ প্ৰতিক্ৰিয়া

July 2, 2020 7:05 pm · নিৰ্মলেন্দু পাঠক

কৃষিভূমি অকৃষিজাত কামৰ বাবে সলনিৰ ক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেটৰ প্ৰস্তাৱত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

এই সিদ্ধান্তক খিলঞ্জীয়াবিৰোধী বুলি অভিহিত কৰি বৃহস্পতিবাৰে টীয়কৰ মিধাখাট তিনিআলিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই চুতীয়া জাতি ছাত্ৰ সন্থা টীয়ক আঞ্চলিকৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে।

লকডাউনৰ নীতি-নিয়মৰ মাজেৰে সামাজিক দূৰত্ব বজাই ৰাখি অসম চৰকাৰৰ খিলঞ্জীয়াবিৰোধী ভূমি নীতিৰ বিৰোধিতাৰে এই ভূমিনীতিৰ প্ৰতিলিপি দাহ কৰে।

লগতে কেবিনেটে অনুমোদন জনোৱা এই ভূমিনীতিক বাতিল কৰি খিলঞ্জীয়াৰ পক্ষত থিয় দিবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক দাবী জনায়।

সদৌ অসম ছাত্ৰ সন্থাই নহ’লে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

ইফালে বীৰ লাচিত সেনা, যোৰহাট জিলা শাখায়ো ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

ক্ষুদ্ৰ উদ্যোগক সকাহ দিয়াৰ নামত অসম চৰকাৰে এই সিদ্ধান্তৰ যোগেদি খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা-অসমীয়া বনিয়াৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উঠিছে।

জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে বিভিন্ন দল, সংগঠন তথা সচেতন মহলে।

উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়া বনিয়াই কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ’লে তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে বীৰ লাচিত সেনাই।

Related News