DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমবাৰলৈ ‘জাতীয় নায়ক’ৰ গলত চেণ্ডেলৰ মালা আঁৰিলে আছুৱে

‘মই জাতীয় খলনায়ক’- সৰ্বানন্দৰ পুত্তলিকাত লিখিলে আছুৱে, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীৰ প্ৰতিকৃতিতো আঁৰিলে চেণ্ডেলৰ মালা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 4, 2019 8:35 pm
AASU protests against CAB in Guwahati

আছুৰ কেববিৰোধী প্ৰতিবাদ, বুধবাৰে গুৱাহাটীত। ছবি- নৰ্থইষ্ট নাও।

5.1k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ কাষ চাপি ২০০৫ চনত আই এম ডি টি আইন বাতিল কৰি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ‘জাতীয় নায়ক’ আখ্যা লাভ কৰিবলৈ সক্ষম হোৱা সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিৰ ডিঙিত আছুৱে প্ৰথমবাৰলৈ আঁৰিলে চেণ্ডেলৰ মালা।

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী জিলা ছাত্ৰ সন্থাই বুধবাৰে শ্বহীদ ন্যাসৰ সন্মুখত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতিত চেণ্ডেলৰ মালা পিন্ধাই পাছত সেই প্ৰতিকৃতিসমূহ দাহ কৰে।

মন কৰিবলগীয়া যে, এসময়ত ‘জাতীয় নায়ক’ উপাধি দিয়া সৰ্বানন্দ সোণোৱালৰ প্ৰতীকত ‘মই জাতীয় খলনায়ক’ বুলি উল্লেখ কৰে আছুৱে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই।

কেন্দ্ৰই অসম চুক্তি উলংঘা কৰা, অবৈধ বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিয়া, সাম্প্ৰদায়িক, অসংবিধানিক আৰু খিলঞ্জীয়াবিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বকভাৱে জাপি দিয়া সিদ্ধান্তৰ বিৰোধিতা কৰি আজি এনেধৰণে প্ৰতিবাদ কৰে আছুৱে।

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমৰ জনসাধাৰণৰ ওপৰত জাতিধ্বংসী বিলখন জাপি দি যি ষড়যন্ত্ৰ ৰচনা কৰিছে, ইয়াক সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণত মানি ল’ব নোখোজো। এই বিলখন আমি কেতিয়াও মানি লোৱা নাছিলো আৰু মানি নলওঁ। সেয়েহে আমি এইধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছো।’ প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াই এইদৰে কয়।

উল্লেখযোগ্য যে, সৰ্বানন্দ সোণোৱালে এসময়ত নিজে অধ্যয়ন কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়তো তেওঁৰ প্ৰতিকৃতি দাহ কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰই। লগতে শিৱসাগৰ আছুৱেও সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু অগপ সভাপতি অতুল বৰাৰ প্ৰতিকৃতি ফাঁচি কাঠত ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd