বজালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন : আছুৰ বৃহৎ জয়

IMG_20181012_193508

আজি ১২ অক্টোবৰ শুকুৰবাৰে বজালী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ছাত্ৰসকলে শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰে আৰু আবেলিলৈকে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়।

এবিভিপি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু আদি সংগঠনৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ ৬গৰাকী, যুৱ ছাত্ৰ পৰিষদৰ ১জন আৰু এবিভিপিৰ ১জন আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হয়।

জানিব পৰা গৈছে যে আছুৰ প্ৰাৰ্থী সুব্ৰজিৎ কলিতা ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। আন এগৰাকী আছুৰ প্ৰাৰ্থী কৃষাণজ্যোতি বৰুৱা উপ সভাপতি আৰু আছুৰ প্ৰাৰ্থী  অৰ্ণব বৰ্মন সাধাৰণ সম্পাদক, আছুৰ ভাৰ্গব তালুকদাৰ সহঃ সাধাৰণ সম্পাদক, ছাত্ৰীৰ জিৰণিকোঠাৰ সম্পাদিকাৰ পদত আছু জ্যোতিস্মিতা ৰয় আৰু সাধাৰণ ক্ৰীড়াৰ সম্পাদকৰ পদত আছুৰ মিল্টন আহমেদ বিজয়ী হয়।

আনহাতে এবিভিপিৰ মানসজ্যোতি তালুকদাৰ ছাত্ৰ জিৰণিকোঠাৰ সম্পাদকৰ পদত বিজয়ী হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভাৰ্গবী তালুকদাৰ সাংস্কৃতিক সম্পাদিকা আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰূপম শৰণীয়া শ্ৰেণী প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়।

সাধাৰণ সম্পাদক অৰ্ণব বৰ্মনকে ধৰি আছুৰ ৬গৰাকী সদস্যই মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজায়ী হোৱাত আছুৱে পাঠশালাত অক বৃহৎ সমদল উলিয়ায় আৰু ফটকা ফুটাই আৰু ফাকুগুড়ি ছটিয়াই আনন্দ প্ৰকাশ কৰে।

পাছত বিজয়ী প্ৰাৰ্থীকেইগৰাকীক আছুৰ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, বজালী মহকুমা ছাত্ৰ সন্থা আৰু সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই আছুৰ পাঠশালা কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰে।