DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গহপুৰত নদী বান্ধৰ সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ কৰি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ; ছাত্ৰ নেতা-কৰ্মী গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 7:48 pm
12.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত চলি থকা ক’ৰ’নাৰ সংক্ৰমণৰ সুযোগ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এন এইচ পি চিয়ে গোগামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ বিভিন্ন সামগ্ৰীৰ পৰিবহন অব্যাহত ৰাখিছে।

আজি গহপুৰ ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞাৰ নেতৃত্বত গহপুৰত জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

গহপুৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সদস্য সকলে বৃহৎ নদী বান্ধ নিৰ্মাণ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, এন এইচ পি চি মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ঘটনাস্থলী আৰক্ষীৰ বাহিনী উপস্থিত হৈ প্ৰজ্ঞান ভূঞাকে ধৰি গহপুৰ আঞ্চলিক ছান্ত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি ভূঞা, সম্পাদক প্ৰণৱ বৰা, জিলা সাংস্কৃতিক সম্পাদক প্ৰাঞ্জল হাজৰিকা, ছয়দুৱাৰ আছুৰ উপদেষ্টা আৰোপ জ্যোতি ভুঞা আৰু ভালেকেইগৰাকী ছাত্ৰ সদস্যক গ্ৰেপ্তাৰ কৰে যদিও পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে।

ছাত্ৰ কৰ্মীসকলে বহু সময় ধৰি আৱদ্ধ কৰি ৰখা সামগ্ৰী কঢ়িওৱা বাহন কেইখন প্ৰতিবাদকাৰী সকলৰ প্ৰতিবাদৰ ওচৰত সেও মানি উভতি যাবলৈ বাধ্য হয়।

আনহাতে, ক’ৰ’নাৰ সংক্ৰমণৰ সুযোগ গ্ৰহণ কৰি অসম চৰকাৰ আৰু এন এইচ পি চিয়ে গোপনে আৰু পৰিকল্পিতভাৱে নামনি সোৱণশিৰি প্ৰকল্পৰ কাম আগবঢ়াই নিয়া কাৰ্য্যক গৰিহণা দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য গোপাল দাসে।

গোগামুখত এসপ্তাহ ধৰি সম্পূৰ্ণ ল’কডাউন চলি থকাৰ সময়তো চৰকাৰে নদী বান্ধ প্ৰকল্পৰ সামগ্ৰীৰ যোগান অব্যাহত ৰখা কাৰ্য্য জনস্বাৰ্থ বিৰোধী বুলি গোপাল দাসে কোৱাৰ লগতে বানপানীত ককবকাই থকা অঞ্চলটোৰ ৰাইজৰ খবৰ লবলৈ আহৰি নোহোৱা চৰকাৰে নদী বান্ধ নিৰ্মাণৰ কাম চলায় থকা কাৰ্য্যই এইখন চৰকাৰৰ স্বৰূপ উদঙাই দিছে বুলি কয়।

গোগামুখৰ নিৰ্মাণ কাৰ্য্য বন্ধ নকৰিলে চৰকাৰ আৰু এন এইচ পি চিয়ে আৰু অধিক প্ৰতিবাদৰ সন্মুখিন হ’বলগীয়া হ’ব বুলিও তেওঁ লগতে কয়।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd