আজি শ্বহীদ দিৱস : ৰাজ্যজুৰি আছুৱে সুঁৱৰিব অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা বীৰ সন্তানক

Kogeswar Talukdar

সদৌ অসম ছাত্ৰ সন্থাই (আছু) আজি ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিব। প্ৰতিবছৰে আছুৱে এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৬০ জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে।

অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত প্ৰাণ হেৰুৱাইছিল আৰু সেই দিনটোতে আছুৱে শ্বহীদ দিৱস পালন কৰি আহিছে।

ৰাজ্যৰ প্ৰতিখন জিলাতে দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰাৰ লগতে শ্বহীদ বেদীসমূহত পুষ্পাঞ্জলি যাঁচি শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। গুৱাহাটীত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ আৰু উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই নেহৰু পাৰ্কত ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত হ’বলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিব।

আনহাতে, আছুৰ সকলোবোৰ জিলা আৰু আঞ্চলিকে নিজৰ নিজৰ অঞ্চলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

আছুৱে দেওবাৰে কয় যে অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবেই অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটো বৃদ্ধি পাইছে।

আছুৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘’ অসমৰ জনসাধাৰণে তেওঁলোকৰ মাটি তথা অস্তিত্ব ৰক্ষাৰ বাবে এখন দীঘলীয়া যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছে। আনকি ছয় বছৰীয়া আন্দোলনৰ পাছত আৰু অসম চুক্তি ৰূপায়নৰ বাবে সুদীৰ্ঘ ৩৩ বছৰ অপেক্ষা কৰাৰ পাছতো এতিয়াও তেওঁলোকৰ প্ৰাপ্য লাভ কৰা নাই।‘’

তেওঁ লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্যত ক্ষমতালৈ অহা সকলোবোৰ ৰাজনৈতিক দলেই অসম চুক্তি ৰূপায়নৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিদেশী সমস্যাটোৰ স্থায়ী সমাধান হোৱা নাই।