১০ ডিচেম্বৰত মঙলদৈত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ফাইল ছবি।

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰৰ দৰে এইবছৰো ছাত্ৰ সন্থাই অহা ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰিব।

সদৌ অম ছাত্ৰ সন্থাই এইবাৰ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সহযোগত মঙলদৈ চহৰৰ মাজমজিয়াত থকা শ্বহীদ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ আয়োজন কৰিছে।

শ্বহীদ দিৱসৰ এই প্ৰাকক্ষণত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এটা বিবৃতিযোগে কয়, ‘ঐতিহাসিক অসম আন্দোলনৰ পাছত সম্পাদিত অসম চুক্তি আজিও কাৰ্যকৰী নোহোৱাৰ বাবে অসমৰ জলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হোৱা নাই’।

তেওঁলোকে লগত কয় যে অসম আন্দোলনৰ ছটা বছৰ আৰু পাছত ৩৫ মুঠতে ৪১ বছৰে অসমৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত নিজৰ পৰিচয়, অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে।

ইফালে সংগঠনটোৰ নেতৃত্বই জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি শাসনলৈ অহা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায়।

তেওঁলোকে কয় যে বৰ্তমানৰ বিজেপি চৰকাৰে ২০১৪ চনলৈ অহা বিদেশীক ধৰ্মৰ নামত নাগৰিকত্ব দিয়া আইন ‘কা’ আমাৰ ওপৰত জাপি দি চূড়ান্ত বিশ্বাসঘাটকতা কৰিছে।

ছাত্ৰ সন্থাৰ স্পষ্ট মত ‘কা’ বাতিল হ’বই লাগিব। অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী সমস্যা সমাধান হ’বই লাগিব।

ইয়াৰ উপৰি অসম চুক্তি ৰূপায়নেৰে বিদেশী সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থা ক্ষান্ত নহয় বুলিও এটা বিবৃতিত স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে শ্বহীদ দিৱসৰ দিনা ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত বন্তি প্ৰজ্বলনৰ লগতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।