• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমলৈ আহিলেই ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

‘বিজেপি’ক যিকোনো প্ৰকাৰে উৎখাত কৰিবলৈ অসমবাসীক সংকল্প ল’বলৈ আহ্বান আছুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 29, 2019 2:31 pm
PM(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমলৈ আহিলেই ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ উজানবজাৰস্থিত চহিদ ন্যাসত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে আছুৰ সভাপতি দীপাংক নাথে।

‘অহা ১০ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেল’ ইণ্ডিয়া কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰধান মন্ত্ৰী আহিলে তেনে প্ৰতিবাদ কৰা হ’ব। অতি জোৰদাৰভাৱে প্ৰতিবাদ কৰা হ’ব।‘ সংবাদমেলত স্পষ্ট ঘোষণা দীপাংক নাথৰ।

Apply Now

অৱশ্যে কি প্ৰতিবাদ কৰা হ’ব সেই কথা সংবাদমেলত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে আছুৰ সভাপতিগৰাকী।

‘কি ধৰণে প্ৰতিবাদ কৰা হ’ব সেয়া পৰৱৰ্তী পৰ্য্যায়ত অৱগত কৰা হ’ব। নাথে এইদৰে কয়।

ইপিনে, আন্দোলনৰ কাৰ্য্যসূচী দীঘলীয়া হ’ব বুলি মন্তব্য কৰি নাথে কয়, ‘বিপদঘন্টা বজাইছে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।’

জাতিধ্বংসী ‘কা’ৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কি ধৰণে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব সেই বিষয়ে উল্লেখ কৰি নাথে কয় ‘কেন্দ্ৰীয় চৰকাৰে অসমক অন্যায় কৰিছে। অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰিত কা বিৰোধী সংকল্প ঘৰে ঘৰে ল’বলৈ সকলো অসমবাসীক আহ্বান জনাইছো। কা কেতিয়াও নামানো বুলি সকলোৱে সংকল্প ল’ব আৰু বিজেপিক উৎখাতৰ বাবে মনতে সকলোৱে আৰাধনা কৰি ল’ব।‘

ইপিনে, সেই দিন দুটাত কা বিৰোধী আন্দোলনৰ ছয়গৰাকী চহিদক শ্ৰদ্ধাঞ্জলি জনাই পদুলিৰ মুখে মুখে বা অঞ্চলে অঞ্চলে বন্তি প্ৰজ্বলনৰে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

তদুপৰি ৩ জানুৱাৰিত ‘কা’ৰ বিৰুদ্ধে জিলা সদৰ, মহকুমাত জোঁৰ লৈ আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁ সংবাদমেলত জনায়।

‘৯ জানুৱাৰিত ৰণশিঙা অনুষ্ঠিত হ’ব। অঞ্চলে অঞ্চলে থলুৱা বাদ্যযন্ত্ৰ বা ৰণশিঙা বজাই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক হুংকাৰ দিয়া হ’ব।‘ নাথে কয়।

তদুপৰি, ১১ জানুৱাৰিত আঞ্চলিকে আঞ্চলিকে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম ছাত্ৰ সন্থাই।

মাঘৰ বিহুৰ উৰুকাৰ দিনা নাগৰিকত্ব সংশোধনী আইনখন জুইশাল আৰু মেজিৰ জুইত দাহ কৰা হ’ব বুলিও নাথে জনায়।

নাথে আৰু কয়, ‘জনপ্ৰতিনিধিসকলক হেঁচা প্ৰয়োগ কৰা হ’ব, বিজেপিৰ লগত হাত উজান দিয়া অগপ নামৰ অপশক্তিটোৰ নেতাৰ ওপৰতো হেঁচা প্ৰয়োগ কৰা হ’ব।‘

ইপিনে, কেন্দ্ৰীয় চৰকাৰক সকলোপ্ৰকাৰে উৎখাত কৰিবলৈ আন্দোলনৰ কাৰ্য্যসূচী চলাই নিয়া হ’ব বুলি সদৰী কৰি নাথে কয়, ‘প্ৰতিটো প্ৰতিবাদ অহিংস আৰু শান্তিপূৰ্ণ হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd