• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঐতিহাসিক ডিমৌ পুখুৰী বেদখল মুক্ত কৰাৰ বাবে এমাহৰ সময়সীমা বান্ধি দিলে আটাছুৱে

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
November 13, 2018 5:06 pm
289
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতাৰ ৭০ টা বছৰ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত ডিমৌৰ ঐতিহাসিক ডিমৌ পুখুৰী বেদখল অৱস্থাত আছে। আহোম ৰাজত্বৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক ডিমৌ পুখুৰীতো উদ্ধাৰৰ ক্ষেত্ৰত বিভিন্ন সময়ত ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ সমিতিয়ে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত প্ৰশাসনে পুখুৰীটো বেদখল মুক্ত কৰিব নোৱাৰিলে।

সোমাবাৰে তাই আহোম ছাত্র সন্থাই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে।

বিবৃতিটোত উল্লেখ কৰা মতে বৰ্তমান ঐতিহাসিক ডিমৌ পুখুৰীৰ অৱশিষ্ট অংশসমূহ আজি অস্তিত্বৰ চূড়ান্ত সংকটত। ডিমৌবাসীৰ স্বাভিমান জড়িত থকা এনে এটা স্পৰ্শকাতৰ বিষয়ক লৈ প্ৰশাসনে আজি পৰ্যন্ত কেৱল মাত্ৰ টেবুলৰ আলোচনাত সীমাবদ্ধ হৈ থকাটো আটাছু ডিমৌ আঞ্চলিকে কোনো কাৰণতে সহজভাৱে ল’ব পৰা নাই।

এই ক্ষেত্ৰত ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাই প্ৰশাসনৰ এনে ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। লগতে ঐতিহাসিক ডিমৌ পুখুৰীতো উদ্ধাৰৰ বাবে আটাছুৱে প্ৰশাসনৰ লগতে বেদখলকাৰীক অন্তিমবাৰৰ বাবে সকীয়াই এক মাহৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে।

অন্যথা ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাই ডিমৌবাসীৰ সহযোগত কঠোৰভাৱে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰি ডিমৌ পুখুৰীটো বেদখল মুক্ত কৰিবলৈ বাধ্য হ’ব বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd