আমনিৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ ফাঁচীৰ দাবীত আটছাৰ তীব্ৰ প্ৰতিবাদ

chamaguri, rape accused.Photo

আমনিৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত আটছাৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

সমগ্ৰ ৰাজ্য কপোঁৱা নগাঁও বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ওপৰত শুকুৰবাৰে নগাঁও আদালতে মুল অভিযুক্ত জাকিৰক ফাঁচীৰ ৰায়দান কৰাৰ পাছতেই নগাঁও জিলাৰ  চামগুৰি আমনিত সংঘটিত হোৱা শিহৰণকাৰী দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে শনিবাৰে আটছাৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত আটকাধীন ছয় ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথত সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখা সমিতি আৰু আমনি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত সমদলস্থলীত প্ৰায় দুই শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী,আমনিৰ ব্যৱসায়ী সন্থাৰ সদস্য সকলে  অংশ গ্ৰহণ কৰি  প্ৰায় পাচঁ কিলোমিটাৰ জুৰি সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে অভিযুক্ত ধৰ্ষণকাৰী কেইটাক ফাঁচী দিয়াৰ দাবী তোলাৰ লগতে ক্ৰমশঃ বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাক মষিমূৰ কৰিব পৰাকৈ নগাঁৱৰ চামগুৰিৰ আমনিত এখন আৰক্ষী চকী স্থাপন কৰি এখন সুৰামক্ত আমনি গঢ়াৰো দাবী জনায়।

আনহাতে, পৰিবৰ্তনকামী চৰকাৰখনে বেটী পঢ়াও-বেটী বচাও শ্লোগান দিয়াৰ পাছতো চামগুৰিৰ আমনিৰ দৰে এখন সৰু নগৰাঞ্চলত মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিব নোৱাৰা বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আটছা নেতা-কৰ্মীয়ে।

উল্লেখ্য যে, ২৮ আগষ্টৰ মাজনিশা আমনিত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ছয়জনকৈ অভিযুক্তক চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো আন এজন অপৰাধী পলাতক হৈ আছে।