NORTHEAST NOW (Assamese)

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে ভূমি পট্টা প্ৰদানৰ দাবীৰে বোকাখাতৰ লখৌজান বাগিচাত আটচাৰ ধৰ্ণা

October 5, 2020 12:13 pm · উত্তম শইকীয়া
Updated: October 5, 2020 12:16 pm

চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ লগতে শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা, বাগিচাত
স্থায়ী চিকিৎসকৰ নিযুক্তি দিয়া , পুজাৰ আগতে ২০ শতাংশ বোনাচ আদায় দিয়া আদি এলানি দাবীৰে
আজি পুৱা বোকাখাতৰ লখৌজান চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখৌজান প্ৰাথমিক
শাখাৰ উদ্যোগত বাগিচাখনৰ চাহ মজদুৰ সংঘৰ সহযোগত দুঘন্টা জোৰা ধৰ্ণা কাৰ্যসুচী পালন কৰে ৷

লখৌজান চাহ বাগিচাৰ কাৰ্যালয়ৰ সমুখতে সমবেত হৈ ছাত্ৰ সংগঠনটোৰ সদস্য আৰু শ্ৰমিক সকলে বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷

দুঘন্টাৰ শেষত ১১ দফীয়া দাবীৰ এখন স্মাৰক পত্ৰ বাগিচাৰ পৰিচালকৰ হাতত অৰ্পণ কৰে ৷ স্মাৰক পত্ৰৰ জড়িয়তে বাগিচাৰ নলা নৰ্দমা পৰিস্কাৰ কৰা, শ্ৰমিক সকলৰ বাবে উপযুক্ত পকীঘৰ নিৰ্মাণ কৰা ৷

বাগিচাৰ যুৱক যুৱতীক চিকিৎসা প্ৰদান কৰা , শ্ৰমিকক উন্নতমানৰ ৰেচন দিয়া, লখৌজান চাহ বাগিচাৰ খেলপথাৰ খন শীঘ্ৰেই খেলাৰ উপযোগিকৈ নিৰ্মাণ কৰা , শ্ৰমিক লাইনত ডাষ্টবিনৰ ব্যৱস্থাৰ লগতে বাগিচাৰ শিক্ষিত যুৱক-যুৱতীক কৰ্মত নিয়োগ কৰাৰ বাবে প্ৰতিবাদকাৰী সকলে দাবী জনায় ৷

প্ৰতিবাদী কাৰ্যসুচীত আটচাৰ লখৌজান চাহ বাগিচাৰ প্ৰথমিক গোটৰ সভাপতি গৌৰৱ নাহকৰ আৰু বিষয় ববীয়াৰ উপৰিও জিলা সভাপতি সুশীল কালিন্দীও উপস্থিত থাকে ৷

Related News