• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
October 5, 2020 12:24 pm
IMG20201005112509

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় লোক সকলক অনতি পলমে সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণৰ দাবীত মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

চতিয়া চহৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সম্পুৰ্ণ ক’ভিড প্ৰতিৰোধ নীতি নিৰ্দেশনা অৱলম্বন কৰি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰায় দুই শতাধিক লোকে ৰূপায়ন কৰা উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।

Apply Now

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক (প্ৰশাসন)মইনুল ইছলাম, কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য ৰেকিব আলি আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আফতাব উদ্দিন আহমেদ, সধাৰণ সম্পাদক (প্ৰশাসন)মোজাম্মিল আজাদ, সধাৰণ সম্পাদক (সংগঠন) নেকিব আহমেদ, বিশ্বনাথ জিলা মহিলা মঞ্চৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকা ক্ৰমে জ্যোতস্না বেগম আৰু মঞ্জুলা আহমেদৰ উপৰিও বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত গহপুৰ, বিশ্বনাথ সদৰ, মধ্য চতিয়া, ঘাঁহিগাওঁ আৰু উত্তৰ পশ্চিম চতিয়া আদি আঞ্চলিক সমিতি সমূহৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে ।

কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক(প্ৰশাসন) মইনুল ইছলামে কাৰ্য্যসূচীত সমৱেত ৰাইজক সম্বোধন কৰি কয় যে ভাৰতৰ আন ৰাজ্যৰ ইছলাম ধৰ্মী সকলৰ পৰা অসমৰ ইছলাম ধৰ্মী সকল পৃথক।

তেওঁ কয় যে অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ভিন্ন সময়ত ধৰ্মান্তৰিত ইছলামধৰ্মী গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় লোকসকলক স্বাধীনতাৰ পাছৰ পৰা বিগত চৰকাৰসমূহে সংখ্যালঘু নামত প্ৰব্ৰজনকাৰী সকলৰ সৈতে একাকাৰ কৰি আহিছে।

তেওঁ উল্লেখ কৰে যে চলিত চৰকাৰখনে সুকীয়া জৰীপৰ দ্বাৰা গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় লোক সকলক চিনাক্তকৰণ কৰি সুকীয়া মৰ্য্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত বিধান সভাতো সেই কথা ঘোষণা কৰিছিল।

অৱশ্যে চৰকাৰৰ কাৰ্য্যকাল শেষ হ’বলৈ কেইমাহমানহে থকা সময়তো এই সুকীয়া জৰীপৰ কাম আৰম্ভ নকৰাটো দুৰ্ভাগ্যজনক। গতিকে চৰকাৰে পৱিত্ৰ বিধান সভাত কৰা ঘোষণাক অনতিপলমে বাস্তৱত কাৰ্য্যকৰী ৰূপ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে দাবী কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd