NORTHEAST NOW (Assamese)

কৰম পূজাত চৰকাৰী বন্ধৰ দাবী আটছাৰ

August 26, 2020 6:59 pm · মানস প্ৰতিম গগৈ

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই ভাদ মাহৰ শুক্লা একাদশী তিথিৰ দিনা জনগোষ্ঠীটোৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটো চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবী জনাইছে।

এই দাবীত সংগঠনটোৰ মাৰ্ঘেৰিটা শাখাই বুধবাৰে লিডুত এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

লিডু শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্ধশতাধিক আটছাৰ সদস্যই মাদল বজাই চৰকাৰবিৰোধী বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

ঘণ্টাজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আটছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকে উদযাপিত হ’বলগীয়া কৰম পূজাৰ দিনা চৰকাৰী বন্ধৰ দাবী উত্থাপন কৰিছে।

আটছাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি আৰু সম্পাদকে অসম চাহ জনগোষ্ঠীৰ পৰা বহু সাংসদ, মন্ত্ৰী, বিধায়ক হৈছে বুলি উল্লেখ কৰি আজিকোপতি চাহ জনজাতিৰ কাৰণে কোনো এজন প্ৰতিনিধিয়ে কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে বুলি দোষাৰোপ কৰে।

কৰম পূজা চাহ জনগোষ্ঠীৰ একমাত্ৰ জাতীয় উৎসৱ বুলি উল্লেখ কৰি আজি প্ৰতিবাদীস্থলীৰ পৰা অনতিপলমে কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰে।

Related News