DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাভ জেহাদ! প্ৰেমৰ চলনাৰে তামুলপুৰৰ পৰা অপহৰণ কৰি নি বিহাৰত বিক্ৰী কৰা মহিলাসহ শিশুক উদ্ধাৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 9, 2021 4:07 pm
IMG-20210709-WA0004 copy
434
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা। প্ৰথমতে মোবাইলত মিছ কল। তাৰ পিছত প্ৰেম।

ধুবুৰীৰ এগৰাকী লোকে প্ৰেমৰ চলনাৰে বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ৰামেচুবুৰী নামৰ গাঁওৰ পৰা অপহৰণ কৰি নিছিল মাতৃ-কন্যাক।

অপহৰণ কৰি নি মাতৃ-কন্যাক বিক্ৰী কৰিছিল বিহাৰত।

যোৱা ২২ জুনত অপহৃত হৈছিল মহিলা গৰাকী আৰু তেওঁৰ ন বছৰীয়া কন্যা সন্তান।

পিছত তেওঁৰ স্বামী ভুৱনেশ্বৰ দাসে অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰি সামাজিক মাধ্যমত এটি ভিডিও আপলোড কৰিছিল।

পাছত ভিডিওটি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

পত্নী আৰু কন্যা সন্তান নিৰুদ্দিষ্ট হোৱাৰ পাছত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল মহিলা গৰাকীৰ স্বামী ভুৱনেশ্বৰ দাসে।

আৰক্ষীয়ে অপহৃত মহিলা আৰু তেওঁৰ ন বছৰীয়া কন্যা সন্তানক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

অৱশেষত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ তৎপৰতাত আৰু তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিপন গগৈৰ সহযোগত তামুলপুৰ আৰক্ষীৰ এটি দলে বৃহস্পতিবাৰে ধুবুৰীৰ এক দুৰ্গম এলেকাৰ পৰা আটক কৰে অপহৰণকাৰী জেহিৰুল ইছলাম নামৰ লোকজনক।

পিছত জেহিৰুলক লগত লৈ আৰক্ষীৰ দলটো উপস্থিত হয় বিহাৰত।

আটাকাধীন লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিহাৰ আৰক্ষীৰ সহযোগত বিহাৰৰ কৃষ্ণগঞ্জ জিলাৰ বাহাদুৰগঞ্জ থানাৰ অধীনৰ প্ৰেমনগৰৰ পৰা আজি পুৱতি নিশা অপহৃত মহিলা গৰাকী আৰু তেওঁৰ ন বছৰীয়া কন্যা সন্তান গৰাকীক তামুলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে বিহাৰৰ পৰা আৰক্ষীৰ দলটো তামুলপুৰলৈ ৰাওনা হৈছে।

আজি নিশাৰ ভাগত আৰক্ষীৰ দলটো তামুলপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

আৰক্ষীৰ দলটো তামুলপুৰত উপস্থিত হলে সবিশেষ তথ্য পোহৰলৈ আহিব।

Recent News

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd