• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱাই মোক যেনেকৈ নিছিল তেনেকৈ সোঁ-শৰীৰে মুকলি কৰি দিলে, মই যথেষ্ঠ সুখী: ৰিতুল শইকীয়া

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 23, 2021 6:17 am
20210523_021107

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত প্ৰায় এমাহজোৰা উৎকন্ঠাৰ অৱসান ঘটিল। আলফা(স্বাধীন)য়ে মুকলি কৰি দিলে অ’এনজিচিৰ তৃতীয়জন কৰ্মচাৰী ৰিতুল শইকীয়াক। শনিবাৰে পুৱা ভাৰত ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লংওৱাত মুকলি কৰি দিয়ে ৰিতুলক।

প্ৰায় এঘন্টা অকলে খোজকাঢ়ি অহাৰ পাছত আসাম ৰাইফলছৰ দলে উদ্ধাৰ কৰে ৰিতুলক। তাৰ পৰা ৰিতুল শইকীয়াক পোনে পোনে মন জিলাৰ সদৰ আৰক্ষী থানালৈ অনা হয় আৰু তাতে তেওঁক কিছু সোধা পোছা কৰাৰ লগতে স্বাস্থ্যৰ পৰীক্ষাও কৰা হয়। ইয়াৰ পিছতেই নাগালেণ্ড আৰক্ষীয়ে সোণাৰী আৰক্ষীক চমজাই দিয়ে ৰিতুলক।

Apply Now

ভৰি আৰু হাতত আঘাত প্ৰাপ্ত ৰিতুল শইকীয়া শনিবাৰে আলফাৰ কবলৰ পৰা মুক্তি লাভ কৰি পুনৰ পৰিয়ালৰ লোকক দেখা পাই অত্যন্ত সুখী বুলি মন্তব্য কৰে।

তেওঁ কয়, ”পৰেশ বৰুৱাই যেনেকে তেওঁক লৈ গৈছিল তেনেকে সোঁ-শৰীৰে মুকলি কৰি দিয়াত অত্যন্ত সুখী”।

সোণাৰী আৰক্ষী থানাত সাংবাদিকৰ আগত সমস্ত অপহৰণকাণ্ডৰ কথা বৰ্ণনা কৰি ৰিতুল শইকীয়াই কয় যে অপহৰণ কৰাৰ দিনৰে পৰা পাঁচ জনীয়া আলফাৰ দল এটাই তেওঁলোকক পাহাৰে ভৈয়ামে খোজকঢ়াই লৈ গৈছিল।

তাৰ মাজতে সেনা আৰু আৰক্ষীৰে হোৱা সংঘৰ্ষৰ সময়ত আলফাৰ এজন কেডাৰে তেওঁক হাতত ধৰি টানি লৈ গৈছিল বুলি কয়।

তেতিয়াই আন দুজন সতীৰ্থ মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ লগত বিচ্ছিন্ন হয় ৰিতুল। সেইদিন ধৰি প্ৰায় ৮/৯ দিন ধৰি খোজ কাঢ়ি যোৱাৰ পিছত তেওঁক কোনো এক পাহাৰৰ ওপৰত কেম্প তৰি ৰখা হৈছিল। সেয়া ম্যানমাৰৰ কোনো এক অঞ্চল বুলি তেওঁ জানিবলৈ দিয়ে।

কেম্পত থকা সময়ত তেওঁক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লগতে সময়মতে খাদ্যও যোগান ধৰিছিল বুলি কয়।

আলফা(স্বাধীন)ৰ কবলত থকা সময়ত সংগঠনটোৰ কোনো শীৰ্ষ নেতাক লগ পোৱা নাছিল যদিও আলফা(স্বাধীন)ৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই ফোন কৰিছিল বুলি কয়।

ফোনত পৰেশ বৰুৱাই তেওঁক কৈছিল ”অসমীয়া হৈ অসমীয়াক অপহৰণ কৰিব নালাগে, কিন্তু পৰিস্থিতি সপেক্ষে এই কাম কৰা হ’ল। কোনো ব্যক্তিগত শত্ৰুতাৰ বাবে তেওঁক অনা নাই। অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবেহে অনা হৈছে। আমাৰ কথা কোম্পানীৰ লগতহে আছে। তোমাক আমি সোঁ-শৰীৰে এৰি দিম”।

আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ফোন যোগে তেওঁক এইকথা জনাইছিল বুলি জানিবলৈ দিয়ে ৰিতুল শইকীয়াই।

আনহাতে, মুকলি কৰি দিয়াৰ সময়ত আলফা(স্বাধীন)ৰ সদস্যই ৰিতুলক ২০০০ টকা দি পঠাইছিল।

আলফা(স্বাধীন)ৰ কবলত থকা সময়ত তেওঁ দৈনিক মাত্ৰ তিনিঘন্টাহে শুব পাইছিল আৰু বাকী সময় পাহাৰে ভৈয়ামে খোজ কাঢ়ি যাবলগীয়া হৈছিল বুলি কয় ৰিতুল শইকীয়াই।

তেওঁৰ  মুক্তিৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে আগভাগ ল’লে তাৰ বাবে তেওঁক ধন্যবাদ জনোৱাৰ লগতে অ’এনজিচি, অসম আৰক্ষী, আসাম ৰাইফলছ তথা সাংবাদ মাধ্যমক ধন্যবাদ জনায় ৰিতুল শইকীয়াই।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd