অৱশেষত দীঘলীয়া এক শ্বাসৰুদ্ধকৰ পৰিবেশৰ অন্ত পৰিল। ২১ এপ্ৰিলৰ দিনা আলফাই লাকুৱাৰ তৈল খাদৰ পৰা অপহৰণ কৰি নিয়া অএনজিচিৰ কৰ্মী ৰিতুল শইকীয়াক আলফাই মুকলি কৰি দিয়াৰ পিছতে আজি সন্ধিয়া ৭-৩০ বজাত যোৰহাটৰ বৰহোলাৰ নাঙল গাঁৱত আহি উপস্থিত হয় শইকীয়া।
লগে লগে শইকীয়াৰ ঘৰ খনত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। উল্লেখ্য আলফাই মুকলি কৰি দিয়াৰ পিছত আজি পুৱা ৭-১০ বজাত ৰিতুল শইকীয়া উপস্থিত হয় ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লংভি গাঁৱত।ইয়াৰ পিছতে শইকীয়াক আছাম ৰাইফলছ আৰু অসম পুলিচে অসমলৈ অনাৰ ব্যৱস্থা কৰে।
নাগালেণ্ড আৰক্ষীয়ে ৰিতুল শইকীয়াক অসম আৰক্ষীৰ হাতত গটাই দিয়াৰ পিছতে তেওঁক সোণাৰী থানালৈ অনা হয় বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে তেওঁক ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয়। গাঁৱবাসীয়ে তাল-খোল বজাই ৰুতুল শইকীয়াক ঘৰলৈ আদৰি নিয়ে।
উল্লেখ্য শুকুৰবাৰে পুৱাই অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক আলফা স্বাধীনে মুকলি কৰি দিছিল।
নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ চংচা বস্তীত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত ৰিতুল শইকীয়াক।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জনাইছিল।
মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে আলফা স্বাধীনে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰীজনক মুকলি কৰি দিয়াৰ কথা সদৰী কৰিছিল।
এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য সম্পাদকলৈ ফোন কৰি পৰেশ বৰুৱাই কৈছিল, “২০০ শতাংশ গেৰাণ্টি! এদিনৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া ঘূৰি আহিব ঘৰলৈ।”
সেইদৰেই কথা ৰাখি এদিন পাছতে কালি আলফা স্বাধীনে মুকলি কৰি দিছিল ৰিতুল শইকীয়াক।
ৰিতুল শইকীয়াৰ মুক্তিয়ে দীৰ্ঘদিন ধৰি চলি এক উৎকণ্ঠাৰ অৱসান ঘটালে।