বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল চালাম! কোন তেওঁ, কি তেওঁৰ পৰিচয়?

কালি ২ মাৰ্চ শনিবাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হয়। তাতে দেশৰ ১৪খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। এই নিৰ্বাচনী যুদ্ধত ৩৭০খন আসন দখল কৰাৰ যুঁজখনত কৌশলেৰে আগবাঢ়িছে বিজেপিয়ে।

বিজেপিৰ এই আসন দখল কৰাৰ ৰোডমেপত দাক্ষিণাত্যৰ ওপৰত দৃষ্টি আছে। দক্ষিণৰ ৰাজনীতিত স্থান দখল কৰিবলৈ বিজেপিয়ে বহু কৌশল, প্ৰচেষ্টা চলাইছে। ইপিনে, শনিবাৰে গেৰুৱা শিবিৰৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সময়ত কেৰালাৰ বহু সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। তাতেই নাম আহে আব্দুল চালামৰ।

শনিবাৰে ঘোষণা কৰা ১৯৫ গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত আব্দুল চালাম হৈছে একমাত্ৰ মুছলমান নাম। আব্দুল চালাম কেৰালাৰ মালাপ্পুৰমৰ প্ৰাৰ্থী। এইগৰাকী বিজেপি প্ৰাৰ্থীৰ প্ৰথম কথাটো হ’ল শিক্ষা জগতৰ সৈতে তেওঁৰ সম্পৰ্ক। কালিকট বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আব্দুল চালাম এই নিৰ্বাচনত মালাপ্পুৰমৰ পৰা অৱতীৰ্ণ হব। মূলতঃ আব্দুল চালাম কেৰালাৰ তিৰুৰৰ বাসিন্দা আছিল।

লগতে পঢ়কঃ বিশিষ্ট সমাজকৰ্মী, শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ প্ৰতিষ্ঠাপক উপ সভাপতি দেবানন্দ চৌধুৰীৰ দেহাৱসান

লিংকডইন প্ৰফাইল অনুসৰি ২০১৮ চনলৈকে তেওঁ ১৫৩খন গৱেষণা পত্ৰ, ১৪টা পৰ্যালোচনামূলক প্ৰবন্ধ আৰু ১৩খন জীৱবিজ্ঞানৰ গ্ৰন্থ প্ৰকাশ কৰিছে। তাৰ পিছত ২০১৯ চনত বিজেপিত যোগদান কৰে। সেই বছৰতে মোডী চৰকাৰৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ কেন্দ্ৰলৈ আহিছিল। সেই বছৰ মোডীয়ে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰি প্ৰধানমন্ত্ৰী হয়।

ইয়াৰ পিছত ২০২১ চনত আব্দুল চালামে ১৩১ নম্বৰ নেমম সমষ্টিৰ পৰা কেৰালা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। সেইবাৰ ভোটত নিজৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ বিষয়ে কোৱাৰ সময়ত আব্দুল চালামে কয় যে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬.৪৭ কোটি টকা। তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক অভিযোগ ৰুজু হোৱা নাই।

উল্লেখ্য যে ১৯৫ জন প্ৰাৰ্থীৰ তালিকাৰ পৰা কেৰালাত বিজেপিৰ বিশেষ দৃষ্টি স্পষ্ট। কেৰালাৰ তিৰুৱনন্তপুৰমত কংগ্ৰেছৰ হেভিৱেট শশী থাৰুৰৰ বিৰুদ্ধে মুখামুখি হৈছে কেন্দ্ৰীয় তথ্য মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰন। দুয়োজন প্ৰাৰ্থীয়ে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত উচ্চ যোগ্যতাসম্পন্ন।

লগতে পঢ়কঃউত্তৰ প্ৰদেশত আৰক্ষীৰ গুলীত নিহত দশম শ্ৰেণীৰ ছাত্ৰ : দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ দলে

মন কৰিব যে দেশৰ শিক্ষাৰ ক্ষেত্ৰত কেৰালাৰ সফলতা কাৰো অজ্ঞাত নহয়। সেই ঠাইৰ পৰাই বিজেপিয়ে শশীক পৰাস্ত কৰিবলৈ ৰাজীৱক প্ৰাৰ্থী কৰি কেৰালাৰ ভোট যুদ্ধক কেন্দ্ৰ কৰি উত্তেজনা বৰ্তাই ৰাখিছে। লগতে কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে পাঠনামিথিঠা আসনত প্ৰাৰ্থিত্ব লাভ কৰিছে। সেইদৰে, মালয়ালম ছবিৰ জনপ্ৰিয় তাৰকা সুৰেশ গোপীক কেৰালাৰ ত্ৰিশূৰ আসনত বিজেপিয়ে প্ৰক্ষেপ কৰিছে।