• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

বাওঁহতীয়া বেটছমেনগৰাকীয়ে তৃতীয় অভাৰত বিধ্বংসী ৰূপ ধাৰণ কৰে। ফাৰুকিৰ অভাৰৰ পৰা তেওঁ অকলে ২৩ ৰান সংগ্ৰহ কৰে। আনকি ৰছিদ খানকো ৰেহাই দিয়া নাছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2026 8:41 am
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ অন্তিমখন টি-২০ মেচত মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। তেওঁ ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

এই শৃংখলাৰ আৰম্ভণিৰে পৰা অভিষেক আছিল দুৰ্দান্ত ছন্দত। দেওবাৰে শৃংখলাৰ  প্ৰথমখন মেচত তেওঁ মাত্ৰ ৩২টা বলত ৮২ ৰানৰ বিধ্বংসী ইনিংছ খেলিছিল। সেই মেচখনত ভাৰতে একপক্ষীয়ভাৱে জয়লাভ কৰিছিল। তাৰ পিছত দ্বিতীয়খন টি-২০ মেচত অভিষেকৰ বেটৰ পৰা আহে ৩৯ ৰান।

প্ৰথম অভাৰৰ পৰাই অভিষেকে নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিয়ে। ফাৰুকিৰ বলত কভাৰৰ ওপৰেৰে ড্ৰাইভ কৰি তেওঁ ইনিংছ আৰম্ভ কৰে। দ্বিতীয় অভাৰত তেওঁ আজমাতুল্লাহ ওমৰজাইকো ৰেহাই নিদিলে। ক্ৰীজৰ পৰা ওলাই আহি মিডিয়াম পেচাৰৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বাউণ্ডেৰী মাৰিলে।

Apply Now

বাওঁহতীয়া বেটছমেনগৰাকীয়ে তৃতীয় অভাৰত বিধ্বংসী ৰূপ ধাৰণ কৰে। ফাৰুকিৰ অভাৰৰ পৰা তেওঁ অকলে ২৩ ৰান সংগ্ৰহ কৰে। আনকি ৰছিদ খানকো ৰেহাই দিয়া নাছিল।

আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰগৰাকীয়ে এই শৃংখলাত প্ৰথমবাৰৰ বাবে পাৱাৰপ্লে’ত বলিং কৰিবলৈ আহিছিল। কভাৰৰ ওপৰেৰে একেৰাহে দুটা বাউণ্ডেৰীৰ মৰাৰ পিছত তেওঁ লং অনৰ ওপৰেৰে বলটো গেলেৰীলৈ পঠিয়ায়।

আফগান বলিং আক্ৰমণৰ নতুন মুখ আব্দুল্লা আহমদজাইৰ বিৰুদ্ধে অভিষেক কিছু সংযত আছিল। অৱশ্যে পিছৰ অভাৰত মুজিবৰ বিৰুদ্ধে নিজৰ চিনাকি ছন্দলৈ ঘূৰি আহে।

ইয়াৰ পূৰ্বে এজন ভাৰতীয়ৰ দ্বাৰা দ্ৰুততম টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জনৰ অভিলেখ আছিল ৰোহিত শৰ্মাৰ। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰিছিল। সেইদিনা ভাৰতৰ স্ক’ৰ মাত্ৰ ৮.৩ অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ ১৩২ ৰানত উপনীত হৈছিল।

শতক সম্পূৰ্ণ কৰাৰ পিছত আন এক অদ্ভুত দৃশ্য দেখা গ’ল। মানচেষ্টাৰ চিটিৰ তাৰকা ফুটবলাৰ এৰ্লিং হালাণ্ডৰ ধৰণেৰে খেলপথাৰত ধ্যান কৰি অভিষেকে শতক উদযাপন কৰে।

অৱশ্যে ১০০ ৰানৰ পাছত বেছি সময় টিকি থাকিব নোৱাৰিলে।১০ অভাৰৰ অন্তত ৰছিদ খানে তেওঁক আউট কৰে। ৩৪টা বলত ১০৮ ৰানৰ তেওঁৰ বিস্ফোৰক ইনিংছত আছিল ১১টা ছয় আৰু ৫টা চাৰি।

অৱশ্যে আউট হোৱাৰ পূৰ্বেই তেওঁ নিজৰ নামত কেইবাটাও অভিলেখ গঢ়িছিল। অভিষেক টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ ইতিহাসত ৪০টাতকৈও কম বলত দুটা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ২০২৫ চনত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে ৩৭টা বলত শতক অৰ্জন কৰিছিল। আফগানিস্তানৰ বিৰুদ্ধে এই শতকটো টি-২০ ক্ৰিকেটত তেওঁৰ তৃতীয় শতক।

WHAT A KNOCK! 💯

Abhishek Sharma brings up his hundred in just 30 balls.🔥
pic.twitter.com/QVVt4kRXOm

— 😎 (@_VK86) September 17, 2026

দিল্লীত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলৰ পিছত ভাৰতীয় স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে কয় যে এই ভাৰতীয় বেটিং লাইন আপৰ বিৰুদ্ধে স্পিন বলিং কৰাটো কঠিন।

আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ অন্তিমখন খেলত পুনৰ সেই কথা প্ৰমাণ কৰিলে অভিষেক শৰ্মাই। আহমদজাইৰ বাহিৰে কোনো বলাৰেই অভিষেকৰ আগত তিষ্ঠিব নোৱাৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd