২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰ চহৰত দিন দুপৰতে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল।
লাফিকুল ইছলামৰ হত্যাৰ চাৰি বছৰ উকলি যোৱাৰ পিছতো আজিলৈ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী।
বিটিচিত প্ৰতিখন সংখ্যালঘু গাঁওত আজি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি আৰু হত্যাকাৰীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দ্বাৰকুচিত দ্বাৰকুচি আঞ্চলিক এবিএমছুৱেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীয়ে ৰঙিয়া-তামুলপুৰ-ভূটান আন্ত:ৰাষ্ট্ৰীয় সীমা সংযোগী ৰাষ্ট্ৰীয় পথৰ দ্বাৰকুচিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
হাতে হাতে প্লে’ কাৰ্ড লৈ লাফিকুল ইছলাম হত্যাৰ বিচাৰ কৰক, প্ৰমোদ বড়ো মূর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, চি বি আইৰ তদন্ত ৰাজহুৱা কৰক, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বিজেপি চৰকাৰ গ’ বেক, এবিএমছু জিন্দাবাদ, লাফিকুল ইছলাম অমৰ হওক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
ইপিনে, ABMSU ৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি নিদিলে গছৰ পাত এটাও লৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে টাইছন হুছেইনে।