সন্মুখত লোকসভা নিৰ্বাচন : নৱ শৰনীয়াক ‘ধৰি অনা বান্দৰ’ আখ্যাৰে প্ৰত্যাহ্বান অবড়ো সুৰক্ষা সমিতিৰ

Naba Saraniya 123

কোকৰাঝাৰৰ সাংসদ নৱ শৰনীয়াৰ বিৰুদ্ধে মুখৰ অবড়ো সুৰক্ষা সমিতি। ফটো : নৰ্থইষ্ট নাও

সমাগত লোকসভা নিৰ্বাচন সাংসদ নৱ কুমাৰ শৰনীয়াৰ বাবে সুখদায়ক নহ’ব নেকি? এইবাৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নেকি যোৱাবাৰৰ নিৰ্বাচনত অসমৰ সৰ্বাধিক ভোট লাভ কৰা সাংসদজন? কাৰণ যোৱাবাৰৰ সমৰ্থক সকল এইবাৰ হৈ পৰিছে তেওঁৰ দুৰ্ঘোৰ বিৰোধী।

২০১৯’ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াক এশিকনি দিয়াৰ বাবে সাজু হৈছে বি টি এ ডিৰ শক্তিশালী সংগঠন অবড়ো সুৰক্ষা সমিতিয়ে। কাৰণ, যোৱা পাঁচ বছৰত অবড়োৰ স্বাৰ্থত একো নকৰিলে সাংসদ নৱ কুমাৰ শৰনীয়াই!

সোমবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই এই কথা প্ৰকাশ কৰিছে। কলিতাই সাংসদ নৱ কুমাৰ শৰনীয়াক ‘ধৰি অনা বান্দৰ’ বুলি অভিহিত কৰি তেওঁক ২০১৪’ত ‘ধৰি আনি’ সাংসদ পাতি দিয়াৰ পাছত অবড়ো সুৰক্ষা সমিতিৰ বিপক্ষে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি মন্তব্য কৰে।

কলিতাই কয়, ‘’নৱ কুমাৰ শৰনীয়াই বি পি এফ আৰু বিজেপিৰ ষড়যন্ত্ৰত ভৰি দি আমাৰ বিভাজন আনিবলৈ চেষ্টা কৰিছে। তেওঁ অবড়ো সকলৰ হৰ্তা কৰ্তা বিধাতা হ’বলৈ বিচাৰি আমাৰ আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছে।‘’

সাংসদ নৱ কুমাৰ শৰনীয়া আৰু তেওঁৰ লগত থকা সকলকো ৰাজনৈতিক মুনাফা লাভৰ বাবে অবড়ো সুৰক্ষা সমিতিৰ নাম ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই।

বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিয়ে কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰনীয়ালৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। যাৰ বাবে বি পি এফৰ প্ৰাৰ্থীজনতকৈ এক বৃহৎ ৱ্যৱধানত শৰনীয়াই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ সংগঠনটোৱে কোনো কাৰণতে নৱ শৰনীয়াক সমৰ্থন নিদিয়ে বুলি আজি সংবাদমেলত প্ৰকাশ কৰে।

আজিৰ সংবাদমেলত অবড়ো সুৰক্ষা সমিতিয়ে স্পষ্টকৈ নকলেও শৰনীয়াৰ বিকল্প অন্য প্ৰাৰ্থীক সমৰ্থন দিয়াৰ এক ইংগিত দিয়ে। যদি সেয়াই হয় তেনেহ’লে আগন্তুক লোকসভা নিৰ্বাচনত নৱ কুমাৰ শৰনীয়াই বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত।

সংগঠনটোৱে অভিযোগ কৰা অনুসৰি নৱ কুমাৰ শৰনীয়াই ভোটৰ স্বাৰ্থত অবড়ো সকলৰ সমস্যা জীয়াই ৰাখি আজীৱন সাংসদ হৈ থকাৰ সপোন দেখিছে। অবড়ো সুৰক্ষা সমিতিয়ে চলাই অহা আইনী যুঁজ আৰু আন্দোলনৰ ক্ষেত্ৰত সাংসদ নৱ শৰনীয়াই কোনো ধৰণৰ সহায় সহযোগ আগবঢ়োৱা নাই বুলিও সংগঠনটোৱে মন্তব্য কৰে।

ইপিনে, আজি অবড়ো সুৰক্ষা সমিতিয়ে বি টি এ ডিত থকা অবড়ো লোকৰ বসতিপ্ৰধান গাঁওসমুহ কৰ্তন কৰাৰ এক তথ্য সম্বলিত প্ৰতিবেদন আজি ৰাজ্যৰ মুখ্য সচিৱৰ ওচৰত দাখিল কৰে।

উল্লেখ্য যে বি চি এ ডিত অবড়ো লোকৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভূমিৰ অধিকাৰ আদিৰ দাবীত অবড়ো সুৰক্ষা সমিতিয়ে বছৰ বছৰ ধৰি কৰি অহা আন্দোলন আৰু আইনী যুঁজৰ অন্তত যোৱা ৭ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে।

এই ৰায় অনুসৰি অহা পাঁচ জানুৱাৰিৰ ভিতৰত বি টি এ ডিৰ পৰা অবড়ো গাঁও কৰ্তনকে ধৰি বিভিন্ন ওজৰ আপত্তি সম্পৰ্কীয় প্ৰতিবেদন অসম চৰকাৰৰ মুখ্য সচিৱৰ ওচৰত দাখিল কৰাৰ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিত আগন্তুক ছমাহৰ ভিতৰত অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।

আনহাতে, ইয়াৰ পূৰ্বেও বি চি এ ডিৰ পৰা অবড়ো বসতিপ্ৰধান গাঁও কৰ্তন কৰাৰ বাবে পূৰ্বৰ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ দিনত ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনত এক ব্যৱস্থা হাতত লৈছিল যদিও বিভাগটোৰ তদানীন্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ টেবুলৰ পৰাই TAD/PTC/76/2013 নম্বৰৰ সেই ফাইল নাইকীয়া হৈ যোৱা বুলিও অবড়ো সুৰক্ষা সমিতিৰ সভাপতি সুৰজ জামাল সৰকাৰে সংবাদমেলত অভিযোগ উত্থাপন কৰে।