প্ৰায় ১.৯ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ! যাত্ৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সক্ৰিয় আৰ পি এফ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে নিজৰ জ’নৰ ভিতৰত নিয়মিত তালাচী আৰু অভিযান চলাই যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই অভিযানত কাটিহাৰ, নতুন জলপাইগুৰি, দলগাঁও, কামাখ্যা আৰু গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ১ লাখ ৯২ টকা মূল্যৰ বিভিন্ন মূল্যৱান সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰা হৈছে।

যোৱা ২৯ জুনত নিউ জলপাইগুৰিৰ আৰ পি এফৰ এস্কৰ্টিং টিমে ব্ৰহ্মপুত্ৰ মেইলত তালাচী চলাই প্ৰায় ১০ হাজাৰ টকাৰ চুৰি মোবাইল ফোনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত গ্ৰেপ্তাৰ কৰা লোকসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দিয়া হয়।

২৮ জুনত কাটিহাৰৰ আৰ পি এফৰ ক্ৰাইম প্ৰিভেনচন এণ্ড ডিটেকচন স্কোৱাডৰ দলে কাটিহাৰ ৰেল ষ্টেচনত অভিযান চলাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। যাত্ৰীসকলে চুৰি কৰি অনা প্ৰায় ৪০ হাজাৰ টকাৰ তিনিটা মোবাইল ফোন উদ্ধাৰ কৰে দলটোৱে।

২৭ জুনত আলিপুৰদুৱাৰৰ আৰ পি এফৰ এটা দলে দলগাঁও ৰে’ল ষ্টেচনত অভিযান চলাই বেগসহ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। ধৃত ব্যক্তিজনৰ বেগৰ পৰা প্ৰায় ৭০ হাজাৰ টকাৰ এটা লেপটপ লগতে বিভিন্ন মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰা হয়। সেইদিনা আৰ পি এফে কাটিহাৰ, কামাখ্যা আৰু গুৱাহাটী ৰেল ষ্টেচনত অভিযান চলাই যাত্ৰীৰ পৰা প্ৰায় ৭২ হাজাৰ টকাৰ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ অভিযোগত ৭ জন লোকক গ্ৰেপ্তাৰ কৰে।

পিছত ধৃত লোকসকলক সংশ্লিষ্ট আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দি আইন অনুসৰি গোচৰ ৰুজু কৰা হয়।

লগতে পঢ়কঃ বিগ বছত এইবোৰ কি? খঙত টিঙিৰিতুলা হ’ল ছলমান খান

লগতে পঢ়কঃ নৰ্থইষ্ট ডাইল’গ ফ’ৰামে গ্ৰহণ কৰিলে ‘ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ’; কি আহ্বান ফ’ৰামৰ?

লগতে পঢ়কঃ একনাথ শিণ্ডেৰ শিবিৰত যোগদান অজিৎ পাৱাৰৰ : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কৰিব যোগদান