• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ-পূব ভাৰতৰ তিনি ৰাজ্যৰ নিৰ্বাচনে কি দেখুৱালে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
March 4, 2023 7:15 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনত কোনটো দলক আমি জিকা বুলি কওঁ? যিটো দলে চৰকাৰ গঠন কৰে। সেই ফালৰ পৰা, অলপতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয়ত বিজেপিয়ে জিকিছে বুলি ক’ব লাগিব, কিয়নো এই তিনিওখন ৰাজ্যৰ চৰকাৰতে বিজেপিৰ প্ৰতিনিধি থাকিব যেন লাগিছে, যদিও মেঘালয়ত চৰকাৰ গঠনকলৈ এই মুহূৰ্তত কিছু অনিশ্চয়তাই দেখা দিছে। যিয়ে নহওক, বিজেপিয়ে কিন্তু, দেখ-দেখকৈ নিজৰ বলত, কেৱল ত্ৰিপুৰাতহে চৰকাৰ গঠন কৰিব পাৰিব। বাকীবোৰত, তেওঁলোক হ’ব লাগিব চৰকাৰৰ সহযোগী দলহে।

অঞ্চলটোৰ বৈচিত্ৰ্যৰ বাবেই উত্তৰ-পূব ভাৰতক, ভাৰতৰ এক ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হয়। আমি দেখিছোঁ, বছৰ বছৰ ধৰি স্থানীয় সমস্যা আৰু পৰিচয়ৰ দ্বাৰা উত্তৰ-পূব ভাৰতৰ ৰাজনীতি, প্ৰভাবিত আৰু পৰিচালিতহৈ আহিছে। স্থানীয় সমস্যা আৰু পৰিচয়ক কেন্দ্ৰ কৰি, ইয়াত ইমান বছৰে, কিমান আঞ্চলিক ৰাজনৈতিক দল গঢ়ি উঠিছে, তাৰ হিচাপ ৰখাটোৱেই টান। স্থানীয় সমস্যা বা পৰিচয় বস্তুটো কি?

Apply Now

আমাৰ পৰিচয়টো আমাৰ অৰ্থনীতি আৰু আমাৰ সংস্কৃতিৰ এক ঘনীভূত প্ৰকাশ। আকৌ, সংস্কৃতিৰ মূল উপাদানবোৰ ভৌগোলিক, ঐতিহাসিক আৰু জলবায়ুকেন্দ্ৰিক। কিন্তু, এই পৰিচয়কেন্দ্ৰিক প্ৰশ্নবোৰো স্থবিৰ নহয়। সময়ৰ লগে লগে সেইবোৰো সলনি হয়।

উত্তৰ-পূব ভাৰতৰ ৰাজ্য সমূহৰ, বিশেষকৈ অসম আৰু ত্ৰিপুৰাৰ, সমস্যা অলপ সুকীয়া। ঐতিহাসিকভাৱে, প্ৰব্ৰজনৰ সমস্যাটোৱে এই দুয়োখন ৰাজ্যৰ ৰাজনীতিত এক বিশেষ গুৰুত্ব পাই আহিছে। ত্ৰিপুৰা এতিয়া মূলতঃ এখন প্ৰব্ৰজিত লোকৰ ৰাজ্যই হৈ পৰিছে। অসমৰ ৰাজনীতিতো প্ৰব্ৰজনৰ সমস্যাটো আজি প্ৰায় ১০০ বছৰে এক বিতৰ্কিত বিষয়হৈ আছে। অসমত এসময়ত জাতীয় অস্তিত্বৰ কথা কোৱা হৈছিল। সি আত্ম-নিয়ন্ত্ৰণৰ লগত জড়িত হৈ পৰিছিল।

বাকী মেঘালয়, নাগালেণ্ড , মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্নটো আছিল, মূলতঃ আত্ম-নিয়ন্ত্ৰণৰ। অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক বাদ দি, এটা সময়ত, সমগ্ৰ উত্তৰ-পূব ভাৰতত আত্ম-নিয়ন্ত্ৰণৰ প্ৰশ্নটোক কেন্দ্ৰ কৰি, নানা ধৰণৰ উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী সংগঠন গা কৰি উঠিছিল। এতিয়া যেনিবা সকলোতে সি জামৰি আহিছে।

এই অঞ্চলটোৰ ৰাজনীতিৰ কথা চিন্তা কৰিবলৈ যাওঁতে, আমি আত্ম-নিয়ন্ত্ৰণৰ কথা কওঁ বা জাতীয় অস্তিত্বৰ কথা কওঁ। কিন্তু এই ধ্যান-ধাৰণা বা আদৰ্শবোৰ সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ লগত যুক্ত কৰি লোৱা হৈছেনে? তেওঁলোকৰ জীৱন ধাৰণৰ গুণগত মান উন্নীতকৰণৰ লগত যুক্ত কৰি লোৱা হৈছেনে? অস্তিত্ব ৰক্ষাই হওক বা আত্ম-নিয়ন্ত্ৰণেই হওক অঞ্চলটোৰ ৰাজনীতি প্ৰভাবিত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল পৰিচয়ৰ ৰাজনীতি।

কিন্তু, পৰিতাপৰ কথা, যিবোৰ আঞ্চলিক শক্তিয়ে এই পৰিচয়কেন্দ্ৰিক ৰাজনীতিৰ কথা কয়, এটা সময়ৰ পিছত তেওঁলোক সকলোৱে কেৱল ক্ষমতাৰ লোভত, নিৰ্লজ্জভাৱে কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৰ, ওচৰত নিজকে আত্ম-সমৰ্পণ কৰে। শাসকীয় দলটোৰ বহতীয়াহৈ পৰে। কেন্দ্ৰত কংগ্ৰেছ আহিলে তেওঁলোক কংগ্ৰেছৰ লগত, আৰু বিজেপি আহিলে বিজেপিৰ লগত।

কেন্দ্ৰৰ শাসকীয় দলবোৰেও স্থানীয় ৰাজনৈতিক শ্ৰেণীটোৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি, তেওঁলোকক আত্মসাৎ কৰি লয়। গতিকে উত্তৰ-পূব ভাৰতৰ বাবে, জাতীয় অস্তিত্ব বা আত্ম-নিয়ন্ত্ৰণ, কেৱল ক্ষমতা দখলৰ কৌশলহে। সাধাৰণ মানুহৰ জীৱনৰ লগত তাৰ কোনো সম্পৰ্ক নাই। সেই কাৰণেই, বাৰে বাৰে সাধাৰণ মানুহ, এই ৰাজনৈতিক শ্ৰেণীটোৰ দ্বাৰা প্ৰতাৰিতহৈ আহিছে।

আন এটা কথা, কংগ্ৰেছৰ লগত চৰকাৰ কৰা আৰু বিজেপিৰ লগত চৰকাৰ কৰা একে কথা নহয়। কংগ্ৰেছ এক উদাৰপন্থী আদৰ্শত বিশ্বাসী দল। কিন্তু বিজেপি হ’ল এক গোড়া হিন্দুত্ববাদী দল। তেওঁলোকৰ আদৰ্শই হ’ল হিন্দী, হিন্দুত্ব। আমাৰ উত্তৰ-পূব ভাৰতৰ লগত তাৰ কোনো মিল নাই। কিন্তু নাই, যি কোনো প্ৰকাৰে ক্ষমতা লাগিবই।

নগা জাতীয়তাবাদৰ কি ইতিহাস আছিল? এতিয়া তাৰ কি হ’ল? তেওঁলোক বিজেপিত জাহ গ’ল, যেনেকৈ অসমত এজিপি বিজেপত জাহ গৈছে। কনৰাড চাংমাই নিৰ্বাচনৰ আগত বিজেপিক কিমান গালি পাৰিলে। কিন্তু নিৰ্বাচনৰ পিছত বিজেপিৰ চৰণত শৰণ ল’লে। গতিকে এইবোৰ নাটক নহয় কি?

কিন্তু এই সকলোবোৰ সত্বেও, আমি সাধাৰণ মানুহক দোষ দিব নোৱাৰোঁ। তেওঁলোকে কি কৰিছে? তেওঁলোকে য’তেই সুৰুঙা পাইছে ত’তেই নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ পিছ হুঁহকি অহা নাই। বিজেপিৰ অত ধনবল আৰু শক্তি সামৰ্থ্য সত্বেও ত্ৰিপুৰাত কি হ’ল? ৩৩ বনাম ২৭ হে! মেঘালয়ত বিজেপি দুইহে।

কিন্তু আত্ম-নিয়ন্ত্ৰণৰ কথা কৈ ফিতাহি মৰা, বৃহত্তৰ নগাভূমিৰ সপোন দেখা নগালেণ্ডতহে বিজেপিৰ জয়জয় ময়ময়। ৰাজনৈতিক শ্ৰেণীটোৰ ধন-দৌলত আৰু ক্ষমতাৰ খকত নগা আত্ম-নিয়ন্ত্ৰণ ক’ত জানো হামখুৰি খাই পৰিল!

এই নিৰ্বাচনৰ আন এটা উল্লেখযোগ্য দিশ হ’ল, ইমান হুলস্থূলৰ পিছতো ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে একো কৰিব নোৱাৰিলে। শূন্য হ’ল। মেঘালয়ত তেওঁলোকে কংগ্ৰেছৰ ক্ষতি কৰিলে ঠিকেই, কিন্তু নিজৰ বিশেষ লাভ কৰিব নোৱাৰিলে। গতিকে মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ কথা বাদ দি তেওঁৰ জন্মভূমি পশ্চিমবংগতে নিজৰ খোপনি দৃঢ় কৰি, বিজেপিৰ লগত ভালকৈ যুঁজি এঘড়ি দিয়ক।

উত্তৰ-পূব ভাৰতত, যিসকলে তৃণমূল কংগ্ৰেছ ৰাজনীতি তৃণমূললৈ যাব বুলি ভাবিছিল, তেওঁলোকে সেই আশা সম্প্ৰতি বাদ দিয়া ভাল।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd