যাত্ৰীৰ ভিৰলৈ লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰেইলৱেই ডিব্ৰুগড়ৰ পৰা আলিপুৰদুৱাৰলৈ এখন বিশেষ ৰেইল চলোৱাৰ সিদ্ধান্ত লৈছে।
অহা ২৮ নৱেম্বৰৰ পৰা ০৫৯১৮ নম্বৰৰ ৰেইলখনৰ ডিব্ৰুগড়ৰ পৰা চলাচল আৰম্ভ হ’ব আৰু অহা ১ ডিচেম্বৰৰ পৰা ০৫৯১৭ নম্বৰৰ ৰেইলখনৰ আলিপুৰদুৱাৰৰ পৰা যাত্ৰা আৰম্ভ হ’ব। উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ মহাপ্ৰৱন্ধকে (অপাৰেশ্যন) এইকথা জানিবলৈ দিছে।
ডিব্ৰুগড় আৰু আলিপুৰদুৱাৰৰ মাজত বিশেষ ৰেইলখনে (০৫৯১৮/০৫৯১৭) গোলকগঞ্জ জংচন আৰু নিউ কোচবেহাৰ হৈ চলাচল কৰিব।
অহা ২৮ নৱেম্বৰত বিশেষ ৰেইলখনে ৰাতিপুৱা ৭বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিব।
ৰেইলখন বহুকেইটা ষ্টেশ্যনত ৰ’ব যাতে ৰেইলৰ যাত্ৰীসমূহে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰে।
ৰেইলখন নিউ তিনিচুকীয়া পাব পুৱা ৭.৪৫বজাত, দুলীয়াজান পাব ৮.৩০বজাত, নাহৰকটীয়া পাব ৮.৪১বজাত, নামৰূপ পাব ৮.৫৬বজাত, ভজো পাব ৯.৩০বজাত, শিমলুগুৰি পাব ১০.০৩বজাত, আমগুৰি পাব ১০.৩০বজাত আৰু ১১.৩৫ বজাত আহি মৰিয়নি পাব।
সেইদৰে ৰেইলখন ফৰকাটিং জংচন পাব দুপৰীয়া ১২.৩০বজাত, ডিমাপুৰ পাব ২.০৫বজাত, ডিফু পাব ২.৫৫বজাত, লামডিং পাব ৩.৩০বজাত, লংকা পাব ৪.১০বজাত, হোজাই ৪.৩০বজাত আৰু সন্ধিয়া ৫.০৫বজাত আহি কামপুৰ পাবহি।
ৰেইলখনে সন্ধিয়া ৫.২৮বজাত চাপৰমুখ ষ্টেশ্যন পাবহি আৰু ৭.৩০ বজাত আহি গুৱাহাটীত উপস্থিত হ’ব।
গধূলি ৭.৫০বজাত ৰেইলখন গুৱাহাটী ষ্টেশ্যন এৰিব আৰু কামাখ্যা পাব ৮.০৫বজাত, চাংসাৰি পাব ৮.৩৮বজাত, ৰঙিয়া পাব ৯বজাত আৰু বৰপেটা ৰোডত নিশা ১০.১০বজাত উপস্থিত হ’ব।
নিশা ১১.৫০বজাত ৰেইলখন নিউ বঙাইগাওঁ ষ্টেশ্যন পাব আৰু ১২.৩৫বজাত কোকৰাঝাৰত উপস্থিত হ’ব।
সেইদৰে ৰেইলখনে ফকিৰাগ্ৰাম পাব নিশা ১বজাত, ছাপটগ্ৰাম পাব ১.১৫বজাত, গোলকগঞ্জ পাব ২.১৫বজাত আৰু ২৯ তাৰিখে পুৱতি নিশা ৪বজাত ধুবুৰী পাব, ৭বজাত পাব কোচবেহাৰ আৰু অৱশেষত পুৱা ৮.৩০বজাত আলিপুৰদুৱাৰ পাব।
ৰেইলখনত দুটা বাতানুকুল-৩ টায়াৰ ডবা, ১০টা শয়ন শ্ৰেণীৰ ডবা, ৩টা সাধাৰণ ডবা আৰু দুটা SLR/D ডবা থাকিব বুলি উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ মহাপ্ৰৱন্ধক (অপাৰেশ্যন) গৰাকীয়ে জানিবলৈ দিছে।