• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থইষ্ট ডাইল’গ ফ’ৰামে গ্ৰহণ কৰিলে ‘ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ’; কি আহ্বান ফ’ৰামৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 2:52 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থইষ্ট ডাইল’গ ফ’ৰামে (NEDF) শনিবাৰে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ত “ভাৰত চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়”ক দাবী জনাই ‘ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ’ (The Brahmaputra Declaration) গ্ৰহণ কৰে।

এন ই ডি এফে এক প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰিছে যে ভাৰতৰ উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে ‘মেইটেই আৰু কুকি, কুকি আৰু নগা, বড়ো আৰু আদিবাসী, অসমীয়া আৰু মুছলমান আদিৰ মাজৰ সংঘাতৰ বিষয়টো বিশ্লেষণ কৰাৰ উদ্দেশ্যেৰে সংঘাতৰ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত কৰে।’

ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ অধিকাৰ ঘোষণা (২০০৭)ৰ অধীনত দিয়া অধিকাৰসমূহক সম্পূৰ্ণৰূপে স্বীকৃতি দিয়াৰ লগতে খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদকক ভাৰতৰ উত্তৰ পূবৰ খিলঞ্জীয়া লোকসকলে সন্মুখীন হোৱা মানৱ অধিকাৰ ভংগৰ ঘটনাসমূহত মনোযোগ দিয়াৰ বাবে মঞ্চই আহ্বান জনাইছে।

Apply Now

ইয়াত ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী চুক্তি ১৯৫১’ৰ আধাৰত ম্যানমাৰ, বাংলাদেশ, নেপাল আদিৰ পৰা উত্তৰ পূবলৈ অহা শৰণাৰ্থীৰ মৰ্যাদাপ্ৰাপ্ত  শৰণাৰ্থীসকলক সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে যাতে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি তেওঁলোকৰ খাদ্যৰ অধিকাৰ, শিক্ষাৰ অধিকাৰৰ দৰে মৌলিক মানৱ অধিকাৰসমূহ নিশ্চিত হয়।

ভাৰত চৰকাৰে নিজৰ নাগৰিকক প্ৰতিশ্ৰুতি দিয়া পৰিৱেশ, আৰ্থ-সামাজিক, স্বাস্থ্য, মানৱ অধিকাৰ, খনিজ খনন, ঘাইপথ নিৰ্মাণ, ৰেলপথ, দলং নিৰ্মাণ, ৰাষ্ট্ৰীয় উদ্যান আদিৰ উন্নয়ন প্ৰকল্পসমূহ দ্বাৰা খিলঞ্জীয়া জনগোষ্ঠীৰ পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম জীৱিকা বজাই ৰখা আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) ২০৩০ নিশ্চিত কৰিব লাগে।

মঞ্চই মণিপুৰৰ মেইটেই আৰু কুকিৰ মাজত চলি থকা হিংসাত্মক পৰিস্থিতি প্ৰতিৰোধ আৰু বন্ধ কৰিবলৈও চৰকাৰক দাবী জনায়। তদুপৰি, “অপাৰেচন স্থগিত ৰখাৰ অধীনত থকা সশস্ত্ৰ গোটসমূহে মানুহক হত্যা কৰা বন্ধ কৰি সাধাৰণ নাগৰিকক সুৰক্ষা দিয়া, লেণ্ডমাইন ব্যৱহাৰ নকৰা, শিশু সৈনিক নৰখা আদি জেনেভা চনদৰ সৈতে স্বাক্ষৰ কৰা তিনিটা চুক্তি নিশ্চিত কৰিবলৈও দাবী জনায় ” লগতে মণিপুৰৰ ঐতিহাসিক আৰু ভূখণ্ডীয় অখণ্ডতাক স্বীকৃতি দিবলৈও আহ্বান জনায়।

এন ই ডি এফে ভাৰত চৰকাৰক ম্যানমাৰৰ মানৱ অধিকাৰৰ পৰিস্থিতি সন্দৰ্ভত বিশেষ প্ৰতিবেদকৰ সৈতে যোগাযোগ কৰি চিন প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যকৰী পদ্ধতি পৰীক্ষা কৰিবলৈ আৰু “ম্যানমাৰত গণতন্ত্ৰ ৰক্ষাৰ বাবে অত্যাধুনিক অস্ত্ৰৰ ব্যৱহাৰ আৰু লগতে মণিপুৰৰ গণতন্ত্ৰ আৰু অখণ্ডতা ৰক্ষা আৰু প্ৰসাৰিত কৰা মণিপুৰৰ জনসাধাৰণৰ বাবে এই অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে।”

ইয়াৰ উপৰিও সন্ত্ৰাসবাদ বিৰোধী বিশেষ প্ৰতিবেদক, মহিলাৰ বিৰুদ্ধে হিংসাৰ বিশেষ প্ৰতিবেদক আৰু ৰাষ্ট্ৰসংঘৰ বৰ্ণ বৈষম্য নিৰ্মূলকৰণ সমিতিৰ সদস্যসকলক অতি সোনকালে মণিপুৰ আৰু উত্তক পূব ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাবলৈ ভাৰত চৰকাৰক আহ্বান জনায়।

আন দাবী কিছুমানৰ ভিতৰত আছে মণিপুৰৰ পৰা অসম ৰাইফলছ আঁতৰাই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ বাতিল কৰাৰ দাবী; মণিপুৰৰ SoO গোটসমূহক গুলীচালনা বন্ধ কৰিবলৈ নিৰ্দেশ দি খেতিৰ এই ভৰ কালত কৃষকসকলক ধান খেতি কৰিবলৈ মুক্তভাৱে অনুমতি দিয়া; মণিপুৰত নিয়োজিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী, ৰেপিড একচন বাহিনী আৰু অসম ৰাইফলছে সাধাৰণ নাগৰিক বিশেষকৈ মহিলা প্ৰতিবাদকাৰীক কৰা অমানৱীয় কাৰ্য আৰু গুৰুতৰ মানৱ অধিকাৰ উলংঘা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ইত্যাদি।

ইয়াৰ উপৰিও শিক্ষানুষ্ঠানসমূহত নিয়োজিত হৈ থকা কেন্দ্ৰীয় সুৰক্ষা বাহিনীক আঁতৰাই ছাত্ৰ-ছাত্ৰীসকলক অতি সোনকালে বিদ্যালয়-মহাবিদ্যালয়ত শ্ৰেণীত উপস্থিত থকাৰ অনুমতি দিবলৈও আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd