• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেলুচিস্তানত হিংসাত্মক ঘটনাত ২০০ৰো অধিক নিহত; আঁৰত ভাৰতৰ হাত দেখিছে পাকিস্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 7:58 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত শনিবাৰৰ পৰা আৰম্ভ হোৱা ভয়ংকৰ হিংসাত্মক ঘটনাত এতিয়ালৈকে ২০০ৰো অধিক লোক নিহত হৈছে। বেলুচ বিদ্ৰোহীৰ সমন্বিত আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে ৪০ ঘণ্টীয়া প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। সংঘৰ্ষক কেন্দ্ৰ কৰি ৰাজনৈতিক আৰু কূটনৈতিক উত্তেজনাও তীব্ৰতৰ হৈ পৰিছে।

কুৱেটাত অনুষ্ঠিত এক সংবাদমেলত প্ৰাদেশিক মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিয়ে কয় যে শুকুৰবাৰ আৰু শনিবাৰে চলোৱা অভিযানত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ২০০। ইয়াৰে ৩১ জন সাধাৰণ নাগৰিক, ১৭ জন নিৰাপত্তা বাহিনীৰ জোৱান আৰু ১৪৫ জন বেলুচ লিবাৰেচন আৰ্মীৰ (বিএলএ) যোদ্ধা। কেৱল শনিবাৰেই এশৰো অধিক লোকে প্ৰাণ হেৰুৱালে।

Apply Now

এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেচন আৰ্মীয়ে। তেওঁলোকে দাবী কৰে যে কুৱেটা, গ্ৱাদাৰ, মাষ্টুং আৰু নোছকি জিলাত ‘অপাৰেচন হেৰফ (দ্বিতীয় পৰ্যায়)’ৰ অংশ হিচাপে নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰা হৈছিল। বিদ্ৰোহীসকলৰ মতে, নোছকিস্থিত চিটিডিৰ মুখ্য কাৰ্যালয় দখল কৰি ফ্ৰন্টিয়াৰ কৰ্পছৰ কেইবাটাও ইউনিট ধ্বংস কৰি ৩০ জন বন্দীক মুকলি কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হয়।

এই আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। ২৪ ঘণ্টাৰো অধিক সময় মোবাইল ইণ্টাৰনেট বন্ধ, মূল পথ অৱৰোধ, ৰেল সেৱা বন্ধ কৰি দিয়া হয়। কুৱেটাৰ পথবোৰ সম্পূৰ্ণ নিৰ্জন আছিল।

পাকিস্তানী সেনা আৰু চৰকাৰে এই আক্ৰমণৰ আঁৰত ভাৰত আছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এই আক্ৰমণকাৰীসকল ভাৰত সমৰ্থিত বুলি দাবী কৰে।

ইপিনে, পাকিস্তানৰ অভিযোগ পোনপটীয়াকৈ নাকচ কৰিছে ভাৰত চৰকাৰে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ‘পাকিস্তানে নিজৰ আভ্যন্তৰীণ ব্যৰ্থতাক ঢাকি ৰাখিবলৈ বাৰে বাৰে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰে।

তেওঁ লগতে কয় যে পাকিস্তানে বেলুচিস্তানৰ জনসাধাৰণৰ সমস্যা সমাধানত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে মানৱ অধিকাৰ উলংঘাৰ দায়িত্ব এৰাই চলিবলৈ চেষ্টা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd