অযোধ্যাত বাছৰ পৰা উদ্ধাৰ ৯৫টি শিশু; আঁৰত ডাঙৰ ষড়যন্ত্ৰৰ সন্দেহ

ফটোঃ সংগ্ৰহীত ।

শিশু কল্যাণ সমিতি (চি ডব্লিউ চি)য়ে অযোধ্যাত এখন বাছৰ পৰা উদ্ধাৰ কৰিছে ৯৫টা শিশুক। এই শিশুসকলৰ প্ৰত্যেকৰে বয়স ৫ৰ পৰা ৯ বছৰৰ ভিতৰত। বিহাৰৰ আৰিয়াৰ পৰা অযোধ্যাৰ চাহাৰনপুৰলৈ লৈ যোৱা হৈছিল শিশুকেইটাক। শিশু কল্যাণ সমিতিয়ে মাজবাটতে অযোধ্যাৰ দেৱকালী মোৰৰ সমীপত এখন বাছৰ পৰা শিশুকেইটিক উদ্ধাৰ কৰে।

শিশুকেইটিক আক্ষৰিক অৰ্থত জীৱ-জন্তুৰ দৰে বাছখনৰ ভিতৰত হেচি ঠেলি সোমাই দিয়া হৈছিল। আটাইবোৰেই দৰিদ্ৰ পৰিয়ালৰ শিশু। উদ্ধাৰ হোৱা কেইবাটাও শিশু অনাথ বুলি জানিব পৰা গৈছে।

শিশু কল্যাণ সমিতিৰ তথ্য অনুসৰি এই শিশুসকলৰ অধিকাংশই আধাৰ কাৰ্ড ভুৱা হব পাৰে। তেওঁলোকে ভাবে ইয়াৰ আঁৰত হয়তো এটা ডাঙৰ ষড়যন্ত্ৰ আছে।

লগতে পঢ়কঃ বৰ্খাস্ত হ’ল শাৰীৰিক নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত অৰ্জুন বঁটা বিজয়ী চিআৰপিএফ বিষয়া

শিশু কল্যাণ সমিতিৰ সদস্য সুনীতা যাদৱে কয় যে এতিয়া যিসকল শিশুক উদ্ধাৰ কৰা হৈছে তেওঁলোকক কাউঞ্চেলিং কৰা হৈছে। শিশুবোৰে নিজেই নাজানে ক’ৰ পৰা আহিছে। এনেকুৱাও হৈছে যে তেওঁলোকে ভুল ঠিকনা দিছে। আধাৰ কাৰ্ড পৰীক্ষা কৰাৰ পিছতো শিশুসকলে নিজৰ জিলাৰ নাম ক’ব পৰা নাই। আনকি এই শিশুসকলেও গম পোৱা নাছিল যে তেওঁলোকক ক’লৈ লৈ যোৱা হৈছে।

উদ্ধাৰ কৰা শিশুসকলে কয় যে হাফিজ জীয়ে বিচাৰিছিল কাৰণে মাকে পঠিয়াইছে। কোৱা হয় যে হাফিজ জীয়ে ঘৰৰ পৰা কেইবাটাও শিশুক আনিছিল। শিশুকেইটাৰ কোনো ধাৰণা নাছিল যে তেওঁলোকক ক’লৈ লৈ যোৱা হৈছে। তেওঁলোকৰ আধাৰ কাৰ্ডত লিখা ঠিকনাটোও ভুৱা বুলি ধাৰণা কৰা হৈছে কাৰণ তেওঁলোকৰ আধাৰ কাৰ্ডৰ নম্বৰ তেওঁলোকে উল্লেখ কৰা ঠিকনাৰ সৈতে মিল নাই।

লগতে পঢ়কঃSupreme Court On NOTA: নোটাত বেছি ভোট পৰিলে কি হ’ব? নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

আনহাতে, শিশুকেইটাক বাছলৈ লৈ যোৱা ব্যক্তিজনে কয় যে  শিশুকেইটি সকলো তেওঁৰ লগতে আছে। অৱশ্যে জেৰাৰ সময়ত শিশুসকলে ব্যক্তিজনক চিনি নাপায় বুলি কয়।

শিশু কল্যাণ সমিতিৰ এজন সদস্যই কয় যে শিশুসকলৰ বক্তব্য আৰু শিশুক লৈ যোৱা ব্যক্তিজনৰ বক্তব্যৰ কোনো মিল নাই। ফলত তেওঁলোকে ভাবে যে ই এটা ডাঙৰ কেলেংকাৰীও হ’ব পাৰে।

শিশু কল্যাণ সমিতিৰ এগৰাকী সদস্যই জনায় যে বিহাৰৰ আৰিয়াৰ পৰা শিশুসকলক অবৈধভাৱে চাহাৰনপুৰলৈ অনাৰ কথা জেৰাৰ পৰা স্পষ্ট হৈ পৰিছে। এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা লৈ আমি শিশুসকলৰ তত্ত্বাৱধান লৈছো। আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ধৰা পৰাসকলে এই শিশুসকলৰ পিতৃ-মাতৃৰ পৰা কোনো ধৰণৰ সন্মতিসূচক পত্ৰ পোৱা নাই। তাৰ ভিতৰত এনে বহু সন্তান আছে যাৰ পিতৃ-মাতৃ নাই। উদ্ধাৰ কৰা শিশুসকলক সদ্যহতে এটা আশ্ৰয় শিবিৰত ৰখা হ’ব। তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছে।