প্ৰতিজন অসমীয়াৰ বুকুৰ মাজত ৰৈ যোৱা সেই গানবোৰ, সেই সুৰবোৰ-

অসমৰ সংগীত জগত ভোতাতৰা হৈ জিলিকাই ৰখা দীপালী বৰঠাকুৰৰ বিষয়ে-

Dipali Borthaku

দীপালী বৰঠাকুৰ। ফাইল ফটো।

অসমৰ সংগীত জগতখন স্বকীয় সুৰ আৰু স্বকীয় গীতৰ পোহৰেৰে জিলিকাই ৰখা দীপালী বৰঠাকুৰৰ আজি দেহাৱসান ঘটে। বহুদিন অসুস্থ হৈ থকা শিল্পীগৰাকীৰ মৃত্যু অস্বাভাৱিক নহয় যদিও প্ৰতিজন অসমীয়াই আজি শিল্পীগৰাকীৰ মৃত্যু গভীৰ মৰ্মবেদনা অনুভৱ কৰাটোও সমানেই স্বাভাৱিক।

এই আৱেগিক মুহূৰ্তত আমি অসাধাৰণ শিল্পীগৰাকীৰ জীৱনৰ ওপৰত সামান্য আলোকপাতৰ প্ৰয়াসেৰে তেওঁৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য আগ বঢ়ালো-

দীপালী বৰঠাকুৰৰ-

১৯৫৮ চনত নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতেই তেওঁ কণ্ঠদান কৰিছিল ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা…’ শীৰ্ষক গীতত।

ইয়াৰ পাছতে তেওঁৰ কণ্ঠৰ আৱেদনময়তাই বিপুল সমাদৰ লাভ কৰে। ক্ৰমে তেওঁ বহুকেইটা কালজয়ী গীত গাই অসমৰ সংগীতপ্ৰেমীৰ হৃদয়ত আছুতীয়া ঠাই দখল কৰে।

কিন্তু দুৰ্ভাগ্যৰ কথা যে কটন কলেজৰ পৰা প্ৰি-য়ু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তে শিল্পীগৰাকী বিৰলপ্ৰায় মটৰ নিউৰন (Motor Neuron) ৰোগত আক্ৰান্ত হয় আৰু গান গাব নোৱৰা হয়।

বিবাহ : ১৯৭৬ চনত অসমৰ আন এজন খ্যাতিমান ব্যক্তি চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ হয়।

তেওঁ কণ্ঠদান কৰা কেইটামান বিখ্যাত আৰু জনপ্ৰিয় গীত হ’ল-

বঁটা-বাহন আৰু স্বীকৃতি-