• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰসঙ্গ মণিপুৰ: কেন্দ্ৰ, ৰাজ্য চৰকাৰক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

পৰৱৰ্তী শুনানিত মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2023 6:25 pm
Supreme Court on Manipur
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও শাম কটা নাই মণিপুৰৰ ভয়াৱহ হিংসাই। ৰাজ্যখনত শান্তি পুনৰ স্থাপনত চূড়ান্ত ব্যৰ্থ হৈছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ। মণিপুৰৰ এই হিংসাজৰ্জৰ পৰিস্থিতিৰ সৈতে জড়িত গোচৰৰ তদন্তক কেন্দ্ৰ কৰি আজি কঠোৰ হৈ পৰে উচ্চতম ন্যায়ালয়।

গোচৰৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। উচ্চতম ন্যায়ালয়ে লগতে মণিপুৰৰ হিংসাত্মক কাণ্ডৰ গোচৰৰ তদন্তক লৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহকো তীব্ৰ সমালোচনা কৰে আৰু তদন্ত অত্যন্ত লেহেমীয়া বুলি মন্তব্য কৰে।

Apply Now

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গোচৰৰ পৰ্যবেক্ষণ কৰি ৰাজ্যখনত সংঘটিত কাণ্ডৰ দুটামান গোচৰৰ বাহিৰে বেছিভাগ ক্ষেত্ৰতে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি আঙুলিয়াই দিয়ে।

ৰাজ্যখনৰ এক বৰ্বৰ হত্যাকাণ্ডৰ প্ৰসঙ্গৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে এই ঘটনা সন্দৰ্ভত দুই মাহ পিছতহে এফ আই আৰ পঞ্জীয়ন কৰা তথা বিবৃতি গ্ৰহণ কৰাক লৈও সমালোচনাত মুখৰ হৈ পৰে।

ইফালে চৰকাৰী প্ৰতিনিধি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতৰ এই ভৰ্ৎসনাৰ পিছত ৰাজ্যৰ সকলো থানাত মহিলা আৰু শিশুৰ ওপৰত হোৱা যৌন হিংসাৰ প্ৰতি সংবেদনশীল হ’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতৰ মজিয়াত মণিপুৰত হিংসাত্মক কাণ্ডৰ সৈতে জড়িত ৬,৫২৩ খন এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰে ১১ টা গোচৰ মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সৈতে জড়িত বুলি সদৰী কৰে।

ইফালে দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰোৱাৰ লগতে দলবদ্ধ ধৰ্ষণৰ যি ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল, এই গোচৰত এগৰাকী নাবালককে ধৰি সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মেহতাই লগতে আদালতক জানিবলৈ দিয়ে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে মণিপুৰ আৰক্ষী তদন্ত প্ৰক্ৰিয়া চলাব পৰাকৈ অক্ষম বুলি তীব্ৰ সমালোচনা কৰাৰ লগতে আইন-শৃংখলাহীন হৈ পৰা মণিপুৰত যোৱা দুমাহ ধৰি সাংবিধানিক ব্যৱস্থা একেবাৰে ভাঙি পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

আদালতে লগতে সোমবাৰে হ’বলগীয়া পৰৱৰ্তী শুনানিৰ সময়ত মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানক সোঁশৰীৰে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে আৰু তেওঁক প্ৰতিটো এফআইআৰৰ ওপৰত নিৰ্দিষ্ট কিছু তথ্য সাজু কৰি ৰাখিবলৈও নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd