পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰতিবছৰে কৰি অহাৰ দৰে আজি অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনা বৰপেটা সত্ৰত অসমীয়া বৰ্ষ চক্ৰ গণনা পৰ্ব সম্পন্ন কৰা হয়। ভালেসংখ্যক ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত বৰপেটা সত্ৰৰ দৈবজ্ঞ জ্যোতিষাৰ্ণৱৰত্ন আৰু ত্ৰিদিপ শৰ্মাই বৰ্ষফল গণনা কৰে।
বৰপেটা সত্ৰৰ মঠৰ চোতালত কৰা বৰ্ষফল গণনাত লোকসভা নিৰ্বাচন, দেশৰ ৰাজনীতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ভবিষ্যত বাণী কৰা হয়।
আজি বৰপেটা সত্ৰত গণনা কৰা বৰ্ষফল অনুসৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী পোন্ধৰ বছৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ চলি আছে বুলি প্ৰকাশ পায়। বৰপেটা সত্ৰৰ বৰ্ষফল গণনা সঁচা হ’লে ২০১৯ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিব।
আনহাতে, ২০ ব’হাগৰ পৰাহে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাল সময় আছে। ২০ বহাগলৈ অসমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কিছু বাধা-বিঘিনি অতিক্ৰম কৰিব লাগিব বুলি বৰপেটা সত্ৰত কৰা বৰ্ষ চক্ৰ গণনাত প্ৰকাশ পাইছে। ১৯ এপ্ৰিল পৰ্য্যন্ত ৰাহু-চন্দ্ৰৰ দশা চলিব সোণোৱালৰ।
উল্লেখযোগ্য যে, বৰ্ষ চক্ৰ গণনা অনুসৰি ৰাজ্যবাসীৰ বাবে নতুন অসমীয়া বছৰটো মংগলজনক নহয়। নতুন বছৰটোত ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ পৰিমান বৃদ্ধি পাব বুলি কোৱা হয়। বৰ্ষফল মতে ৰাজ্যৰ বনপানীৰ ভয়াবহতা বৃদ্ধি হোৱাৰ লগতে, উৎকট গৰম আৰু ধুমুহা-শিলাবৃষ্টিৰ আশংকা কৰা হৈছে। ৰাজ্যৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত বৰপেটা সত্ৰৰ বৰ্ষফল গণনাই বিশেষ গুৰুত্ব লাভ কৰি আহিছে।