কোভিড-১৯ ভেকচিনৰ বাবেই মৃত্যু হৈছিল শ্বেন ৱাৰ্ণৰ! কি ক’লে চিকিৎসকে?

অষ্ট্ৰেলিয়াৰ কিংবদন্তি লেগস্পিনাৰ শ্বেন ৱাৰ্ণৰ হাৰ্ট এটেকৰ ফলত হঠাতে মৃত্যু ঘটিছিল। কিন্তু ইমান দিনৰ মূৰত তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শীৰ্ষ চিকিৎসকৰ মতে তেওঁৰ মৃত্যুৰ ৯ মাহ পূৰ্বে গ্ৰহণ কৰা কোভিড ভেকচিন তেওঁৰ মৃত্যুৰ কাৰণ হ’ব পাৰে।

ব্ৰিটেইনত থকা ভাৰতীয় মূলৰ এগৰাকী শীৰ্ষ পৰামৰ্শদাতা, হৃদৰোগ বিশেষজ্ঞ আৰু অষ্ট্ৰেলিয়াৰ এগৰাকী চিকিৎসকে কয় যে কোভিড ভেকচিনৰ বাবে কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ হঠাৎ মৃত্যু হ’ব পাৰে।

হৃদৰোগ বিশেষজ্ঞ ডাঃ অসীম মালহোত্ৰা আৰু ডাঃ ক্ৰীছ নীলে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হৃদৰোগৰ তথ্য পোহৰলৈ আহিছে।

লগতে পঢ়ক: দিল্লীৰ পাঁচ তাৰকাযুক্ত হোটেলত ২ বছৰ কটাই ফুটাকড়ি এটাও বিল নিদিয়াকৈয়ে পলাল অসমৰ প্ৰৱঞ্চক অংকুশ দত্ত!

তেওঁলোকৰ গৱেষণাৰ পৰা দেখা গৈছে যে ক’ভিড mRNA ভেকচিনে হৃদৰোগ অধিক শংকাজনক কৰিব পাৰে। ডাঃ মালহোত্ৰাই কয়, ‘এজন খেলুৱৈৰ হঠাৎ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি বিশ্বাস কৰাটো কঠিন।’

তেওঁ লগতে কয়, ‘তেওঁৰ জীৱনশৈলী স্বাস্থ্যকৰ নাছিল। ৱাৰ্ণৰ ওজন অতিৰিক্ত আছিল আৰু তেওঁ ধূমপায়ী আছিল। হয়তো তেওঁৰ ধমনীবোৰত কিছু সমস্যা আছিল। মোৰ দুজন ৰোগীৰ ক্ষেত্ৰতো এনে লক্ষণ লক্ষ্য কৰিছোঁ। Pfizer mRNA কোভিড ভেকচিনৰ দুটা ড’জ লোৱাৰ পিছতে তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পায়।’

লগতে পঢ়ক: ক্লিন ব’ল্ড হৈ ক্ষুব্ধ বেটাৰ, ১৪ বছৰীয়া বলাৰক ডিঙি চেপি হত্যা কৰি পেলালে ১৭ বছৰীয়া কিশোৰে!

অষ্ট্ৰেলিয়াৰ চিকিৎসক ডাঃ ক্ৰীছ নীলে তদন্ত শেষ নোহোৱালৈকে কোভিড-১৯ ভেকচিনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে।