NORTHEAST NOW (Assamese)

মানাহ অভয়াৰণ্যত অস্ত্ৰ-শস্ত্ৰসহ ৪ জন চোৰাং চিকাৰী আটক

August 23, 2018 8:43 pm · এন ই নাও নিউজ

আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা বন বিভাগৰ এটা অভিযানত ৪ জন চোৰাং চিকাৰী আটক হৈছে। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত চলোৱা এটা অভিযানত এই চোৰাং চিকাৰীকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

চোৰাং চিকাৰীকেইজনৰ হাতৰ পৰা চোৰাং চিকাৰত ব্যৱহৃত মাৰণাস্ত্ৰৰ লগতে কেইবিধমান সা-সৰঞ্জাম উদ্ধাৰ কৰা হৈছে। চোৰাংচিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ এই অভিযানটো ৰাষ্ট্ৰীয় উদ্যানখনৰ  কুকলুং ৰেঞ্জৰ প্ৰথম সংযোজনৰ ডাইচাম নলাত  চিৰাঙৰ উপ বন সংৰক্ষক (DCF)  আৰকে ব্ৰহ্মৰ নেতৃত্বত  চলোৱা হৈছিল।

চোৰাং চিকাৰী কেইজনৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু সা-সৰঞ্জামসমূহৰ ভিতৰত আছে হস্তনিৰ্মিত অস্ত্ৰ, গান পাউদাৰ, বাইচাইকেলৰ বল, টৰ্ছ ইত্যাদি। ধৃত চোৰাং চিকাৰী কেইজন হৈছে টেপু দৈমাৰী (৩৫), তৰলা বড়ো (২৫), টেমন বসুমতাৰী (২৭) আৰু অনিলাল মুছাহাৰী (৪০)

এটা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ১৫ এছএছবি বেটেলিয়নৰ সহযোগত বনৰক্ষীৰ দ্বাৰা এই অভিযানটো সফলতাৰে সম্পন্ন কৰা হৈছিল বুলি বন বিভাগৰ সূত্ৰই জানিবলৈ দিছে।

Related News