DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত গৌতম নৱলাখাৰ গৃহবন্দীত্বৰ সময়সীমা বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 9:26 am
Gautam Navlakha Bhima Koregaon case
82
VIEWS
Share on FacebookShare on Twitter

ভীমা-কোৰেগাঁও গোচৰত অভিযুক্ত হৈ চাৰিটাকৈ বছৰ কাৰাগাৰত কটোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত চিকিৎসাজনিত কাৰণত গৃহবন্দীত্বৰ অনুমতি পোৱা মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ গৃহবন্দীত্বৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে নৱলাখাৰ গৃহবন্দীত্বৰ অন্তৱৰ্তীকালীন আদেশ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহলৈকে বৃদ্ধি কৰে। ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰথনাৰ বিচাৰপীঠে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ গৃহবন্দীত্বৰ ম্যাদ বৃদ্ধিৰ নিৰ্দেশ গৃহীত কৰে।

উল্লেখ্য যে ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নৱলাখাক নিৰ্দিষ্ট চৰ্ত সাপেক্ষে এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিছিল আৰু ৪৮ ঘণ্টাৰ ভিতৰত এই নিৰ্দেশ কাৰ্যকৰী হ’ব লাগে বুলি উল্লেখ কৰিছিল।

কিন্তু নিৰাপত্তাৰ দোহাই দি তদন্তকাৰী সংস্থাই বাৰে বাৰে নৱলাখাৰ মুক্তি স্থগিত ৰাখিছিল। শুকুৰবাৰে নিয়াই নৱলাখাৰ গৃহবন্দীত্বৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত পুনৰ আৰ্জি জনাইছিল।

কিন্তু শীৰ্ষ আদালতে নিয়াৰ এইআবেদন নাকচ কৰিছিল আৰু কৌশলীভাৱে তেওঁৰ মুক্তিত বিলম্ব ঘটোৱা বুলি ভৰ্ৎসনা কৰিছিল। ১৮ নৱেম্বৰত শীৰ্ষ আদালতে গৌতম নৱলাখাৰ গৃহবন্দীত্বৰ আদেশ ২৪ ঘণ্টাৰ ভিতৰত কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে লগতে গৌতম নৱলাখা গৃহবন্দী হৈ থাকিবলগীয়া অট্টালিকাটোত কিছু অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত অৱশেষত ১৯ নৱেম্বৰত তালোজা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাইছিল নৱলাখা।

স্মৰ্তব্য যে ২০১৮ চনৰ ভীমা কোৰেগাঁওৰ হিংসাত্মক কাৰ্যত উচতনি যোগোৱাৰ লগতে মাওবাদীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছে নৱলাখা।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd