জুবিনৰ ফিল্মফেয়াৰৰ প্ৰতি সমৰ্থনক সন্মান জনালেও তাত উপস্থিত নাথাকে বৰষাৰাণী বিষয়াই

f6141a91-ce7f-4a67-b9bf-0d93063f4c3a

বৃহস্পতিবাৰে সংবাদমেলত অভিনেত্ৰী বৰষাৰাণী বিষয়া। ফটো: নৰ্থইষ্ট নাও

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তথা কা বিৰোধী আন্দোলনত শিল্পীসমাজক নেতৃত্ব দিয়া জুবিন গাৰ্গৰ ফিল্মমফেয়াৰৰ প্ৰতি সমৰ্থনক সন্মান জনাইয়ো তাত সহযোগ নকৰে বৰষাৰাণী বিষয়াই।

আজি জুবিন গাৰ্গ, ৰবি শৰ্মা, মানস ৰবীনৰ সৈতে যুটীয়াভাৱে সম্বোধন কৰা সংবাদমেলত আমাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ফিল্মফেয়াৰত সহযোগ নকৰো বুলি নিজৰ স্থিতি স্পষ্ট কৰে অভিনেত্রীগৰাকীয়ে।

আমাৰ সাংবাদিকৰ প্ৰশ্ন, ‘যিহেতু কা বিৰোধী আন্দোলনত অতি সক্ৰিয়তাৰে শিল্পী সমাজে অংশগ্ৰহণ কৰিছে, এনেক্ষেত্ৰত ফিল্ম ফেয়াৰত অসমৰ শিল্পী সমাজে সহযোগিতা কৰিবনে?’

আমাৰ সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দি বৰষাই কয়, ‘প্ৰত্যেকৰে ব্যক্তিগতভাৱে চিন্তা আৰু স্থিতি বেলেগ বেলেগ হ’ব পাৰে। সকলোৰে চিন্তা বা সিদ্ধান্তক সন্মান জনাই মই মোৰ স্থিতিৰ কথা কওঁ যে ফিল্মফেয়াৰৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একে থাকিব। ফিল্মফেয়াৰ হৈছে বা নাই হোৱা, আচলতে বৰষাৰাণী বিষয়াৰ তাত কিবা এটা কোৱাৰো যোগ্যতা আছে নে নাই নাজানো, কিন্তু মোৰ ব্যক্তিগতভাৱে এইটোৱেই স্থিতি যে মই ফিল্মফেয়াৰত সহযোগ নকৰো।‘

তদুপৰি, ফিল্মফেয়াৰত অংশগ্ৰহণ নকৰাৰ কাৰণ বাখ্যা কৰি বৰষাই কয়, ‘কিয়নো ৰাইজে আৰ্তনাদ কৰাৰ পাছতো, কা ৰ বিৰুদ্ধে ৰাজপথত ওলাই প্ৰতিবাদ কৰিলে, তথাপি চৰকাৰখনে কোনো কেৰেপেই নকৰিলে গতিকে তাত দুখ পাইছো আৰু ফিল্মফেয়াৰত সহযোগ নকৰো বুলি স্থিতি স্পষ্ট কৰিছো।

অৱশ্যে, ফিল্মফেয়াৰক লৈ জুবিন গাৰ্গৰ সমৰ্থনৰ প্ৰতি সন্মান জনাই ফিল্মফেয়াৰৰ দৰে অনুষ্ঠান অসমত হ’ব লাগে বুলি মত পোষণ কৰে বৰষাই।

তেওঁ কয়, ‘যেতিয়া অসমক প্ৰতিনিধিত্ব কৰিবলৈ বাহিৰলৈ যাওঁ, তেতিয়া ইংৰাজীত অসমৰ বিষয়ে সুধিলে নাই শুনা বুলি ক’লে মোৰ দুখ লাগে। গতিকে এনেকুৱা এটা অনুষ্ঠান অসমত হ’লে অসমৰ নাম সমগ্ৰ বিশ্বত প্ৰতিধ্বনিত হ’ব। গৌৰৱ অনুভৱ কৰিছো বিশ্ববাসীয়ে অসমৰ বিষয়ে জানিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এখন ঠাইৰ পৰ্য্যটন উদ্যোগটোৰ যেতিয়া উন্নতি হয়, তেতিয়া ঠাইখনৰ কিন্তু আৰ্থিক দিশ বা নিবনুৱা সমস্যাৰ সমাধান পোৱা যায়।‘

ইপিনে, একেখন সংবাদমেলত উপস্থিত থাকি জুবিন গাৰ্গে ফিল্মফেয়াৰ হ’ব লাগে বুলি মন্তব্য কৰাৰ লগতে কয়, ‘ফিল্মফেয়াৰ, sports এইবোৰ বেলেগ বস্তু, কা বিৰোধী আন্দোলনো বেলেগ।‘