NORTHEAST NOW (Assamese)

এইবাৰ কোভিডে প্ৰাণ কাঢ়িলে জনপ্ৰিয় অভিনেত্ৰী দিব্যা ভাটনাগৰৰ, বলিউডত শোকৰ ছাঁ

December 7, 2020 12:33 pm · এন ই নাও নিউজ
Updated: December 7, 2020 12:41 pm

মাৰক ব্যাধি ক’ৰ’ণাই ইতিমধ্যে দেশৰ বহু লোকৰ প্ৰাণ কাঢ়ি নিছে।

সোমবাৰে পুৱা কোভিডৰ চিকাৰ হ’ল দেশৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দিব্যা ভাটনাগৰ।

কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱা সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে আজি পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৪ বছৰ। কোভিডত আক্ৰান্ত হোৱাৰ পিছতে অভিনেত্ৰী গৰাকীৰ দেহত  নিউমোনিয়াই  দেখা দিয়ে।

তেওঁক লগে লগে ভেণ্টিলেটৰত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা তেওঁ চিৰদিনৰ বাবে চকু মুদে।

সৰু পৰ্দাৰ ‘য়ে ৰিষ্টা ক্যা কহলাতা হ্যে’ ধাৰাবাহিকৰ জৰিয়তে অধিক জনপ্ৰিয় হৈ পৰা দিব্যা ২৬ নৱেম্বৰত কোভিডত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছিল।

 

View this post on Instagram

 

A post shared by Shilpa Shirodkar (@shilpashirodkar73)

ইয়াৰ পিছতে তেওঁক মুন্বাইৰ ছেভেন হিলছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়ৰ পৰাই দিব্যাই কিছুদিন পূৰ্বে এখন ফটো আপলোড কৰি সকলো শুভাকাংক্ষীকে তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছিল।

শুভাকাংক্ষীৰ প্ৰাৰ্থনা আৰু চিকিৎসকৰ চেষ্টাৰ পিছতো আজি পুৱতি নিশা ৩ বজাত দিব্যাৰ মৃত্যু ঘটে।

অভিনেত্ৰীগৰাকীৰ মৃত্যুত বলিউডত গভীৰ শোকৰ ছাঁ পৰিছে।দিব্যাৰ মৃত্যুত শোক প্ৰকাশ কৰি অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই টুইটত কৈছে যে ইমান প্ৰতিভাশালী অভিনেত্ৰী এগৰাকীয়ে সকলোকে কন্দুৱাই এনেদৰে গুচি যাব বুলি কোনেও কল্পনাই কৰিব পৰা নাছিল।

Related News