কি আছিল ঋষি কাপুৰৰ সেই অকপট চিন্তা যিটো তেওঁ টুইটাৰতো ব্যক্ত কৰিছিল?

rishi-kapoor-returns-to-india-after-11-months-920x518

সদ্য প্ৰয়াত বলীউদৰ প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰে তেওঁৰ মনলৈ অহা যিকোনো চিন্তা অকপটে টুইট কৰি ব্যক্ত কৰিছিল।

বিগত কিছুদিন ধৰি তেওঁ কৰ’না সন্দৰ্ভত প্ৰায়ে টুইট কৰিছিল আৰু স্পষ্টভাৱে নিজৰ মত ব্যক্ত কৰিছিল।

গায়িকা কমিকা কাপুৰ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। ২০ মাৰ্চত ঋষি কাপুৰে কৰা টুইটটোত এপিনে কণিকা কাপুৰ আৰু আনফালে ৰাণা কাপুৰৰ ফটো দেখা গৈছিল।

ঋষি কাপুৰে লিখিছিল: ‘’আজিকালি কাপুৰসকলৰ বেয়া সময় আহিছে। শংকিত হৈছো। হে মালিক বাকী কাপুৰসকলক ৰক্ষা কৰা! কেতিয়াও যাতে কোনো ভুল কাম নহয়। জয় মাতা ডী!’’

য়েছ বেংক গোচৰত ৰাণা কাপুৰ আৰু তাৰ পাছত কণিকা কাপুৰৰ ঘটনাটো পোহৰলৈ অহাৰ পাছত অভিনেতাগৰাকীয়ে ইয়াৰ ওপৰত এক প্ৰকাশ ব্যংগ কৰিছিল।

নিজৰ টুইটাৰ প্ৰ’ফাইল ষ্টেটাছত লিখা তেওঁৰ এষাৰ কথাত তেওঁৰ মনৰ আশংকা প্ৰকাশ পাইছিল। তাত লিখিছিল যে,’মই বুজি নাপাও যে মানুহে বুজি পাব পাৰে। মোৰ জীৱন প্ৰণালীৰ বিষয়ে কোনো ঠাট্টা, কিছুমান মন্তব্য, মই আপোনাক ব্লক কৰি দিম। বাকী আপোনাৰ হাতত।‘’

আচলতে, কিছুমান লোকে কৰ’না মোকাবিলা কৰাৰ সম্পৰ্কত ভাৰতৰ ওপৰত মন্তব্য কৰাৰ লগতে তেওঁৰ জীৱন প্ৰণালীৰ সম্পৰ্কতো মন্তব্য কৰিছিল। ইয়াৰ বাবে তেওঁ বৰ ব্যথিত হৈ পৰিছিল।

কৰ’নাৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁ চিকিৎসক,নাৰ্ছ, স্বাস্থ্য কৰ্মী তথা আৰক্ষীৰ ওপৰত আক্ৰমণৰ তেওঁ বিৰোধিতা কৰিছিল।

নিৰৱিচ্ছিন্ন এনে ঘটনাৰ বাবে তেওঁ দেশত ইমাৰজেন্সিৰ পোষকতা কৰিছিল। তেওঁ আনকি এনে ঘটনা ৰোধৰ বাবে সেনা নিয়োগৰ কথাও সদৰী কৰিছিল।

বহু গুৰুত্বপূৰ্ণ কথাও তেওঁ অকপটে ব্যক্ত কৰিছিল। কৰ’নাৰ বাবে লকডাউন চলি থকা সময়ত সুৰা উপলব্ধ কৰাৰ কথাও কৈছিল। তেওঁ লিখিছিল যে ৰাজ্য চৰকাৰসমূহক আৱকাৰীৰ পৰা পইচা লাগে। নিৰাশা হতাশালৈ সলনি হোৱা উচিত নহয়। লোকে সুৰা যেতিয়া পান কৰিয়েই আছে তেতিয়াহ’লে ইয়াক আইনসন্মত কৰি দিয়া হওক। ব্লেকতটো বিক্ৰী হৈয়েই আছে।