DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নিৰাপত্তাৰ স্বস্তি! বন্দুকৰ অনুমোদন পালে ছলমান খানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2022 6:36 pm
Salman Khan gun
116
VIEWS
Share on FacebookShare on Twitter

বন্দুকধাৰী হ’ল বলীউডৰ ভাইজান ছলমান খান। চিনেমাৰ পৰ্দাত হাতত বন্দুক লৈ চুপাৰষ্টাৰজনে ভিলেইনৰ ওপৰত দমন চলোৱা আপুনি দেখিছে। কিন্তু এইবাৰ বাস্তৱ জীৱনতো বন্দুক হাতত তুলি লৈছে বলিউডৰ ভাইজানে।

নিজৰ সুৰক্ষাৰ বাবেই এই পন্থা অৱলন্বন কৰিছে তেওঁ। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে তেওঁক মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ ছলমান খান আৰু তেওঁৰ দেউতাক ছালীম খানে এটা ভয়ংকৰ মৃত্যুৰ ভাবুকি লাভ কৰিছিল। এক বেনামী পত্ৰযোগে কোনো অচিনাক্ত দুৰ্বৃত্তই দুয়োগৰাকী হত্যাৰ ভাবুকি দিছিল।

এই ভাবুকি প্ৰদানৰ আঁৰত তিহাৰ জেলত কাৰাবন্দী হৈ থকা কুখ্যাত গেংষ্টাৰ ল’ৰেন্স বিষ্ণৈলৈ সন্দেহৰ আঙুলি উঠিছিল।

এই ল’ৰেন্স বিষ্ণৈৰ গেঙেই জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাক যোৱা ২৯ মে’ত হত্যা কৰিছিল বুলি অভিযোগ উঠি আহিছে। তাৰ পাছতে বিষ্ণৈয়ে জনাইছিল যে বলিউডৰ অভিনেতা ছলমান খানো মুছেৱালা সদৃশ পৰিস্থিতিৰ সন্মুখীন হ’ব।

বিষয়টো লৈ তৎক্ষণাৎ ছলমান খানে মুম্বাই আৰক্ষীৰ কাষ চাপিছিল। আনহাতে কিছুদিন পূৰ্বে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ আবেদন কৰিছিল ছলমানে।

কিন্তু কিয় ল’ৰেন্স বিষ্ণয়ে ছলমান খানক এই ভাবুকি প্ৰদান কৰিছিল? তাৰ কাৰণ হৈছে ১৯৯৮ চনৰ কৃষ্ণষাঁৰ মৃগ চিকাৰৰ বিখ্যাত ঘটনাটো। এখন চিনেমাৰ দৃশ্যগ্ৰহণৰ সময়ত ছলমান খানে ৰাজস্থানত কৃষ্ণষাঁড় মৃগ চিকাৰ কৰিছিল।

এই লৈ আইনী জটিলতাৰ মাজতো সোমাই পৰিছিল তেওঁ। আনহাতে ল’ৰেন্স বিষ্ণৈ হৈছে ৰাজস্থানৰ বিষ্ণৈ সম্প্ৰদায়ৰ এজন লোক। এই সম্প্ৰদায়টোৱে কৃষ্ণষাঁড় মৃগক পূজা কৰি আহিছে।

সেই ঘটনাৰ আলমতে গেংষ্টাৰ ল’ৰেন্স বিষ্ণৈয়ে ছলমান খানক ইতিপূৰ্বে ২০১৮ চনতো হত্যাৰ ভাবুকি প্ৰদান কৰিছিল।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd