NORTHEAST NOW (Assamese)

দুৰ্গতজনৰ বন্ধু দানবীৰ চনু ছুডে বন্ধকত ৰাখিলে নিজৰ আঠটা সম্পত্তি, কিন্তু কিয়?

December 10, 2020 4:23 pm · এন ই নাও নিউজ
Updated: December 11, 2020 8:18 am

লকডাউনৰ সময়ত অথবা তাৰ পিছতো বিপদত পৰা লোকৰ কাষত দেৱদূতৰ ৰূপত থিয় দিয়া বলীউডৰ অভিনেতা চনু ছুডৰ বদান্যতাই দেশ-বিদেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।

লকডাউনৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক বাছ যোগাৰ কৰি দি নিজ নিজ ৰাজ্যলৈ প্ৰেৰণৰ দিহা কৰিছিল চনু ছুডে।

কেৱল সেয়াই নহয় ছ’চিয়েল মিডিয়াৰ জৰিয়তে যিয়েই সহায়ৰ আহ্বান জনাইছিল কাকো বিমুখ কৰা নাই চনু ছুডে।

কাৰোৱাক যদি পঢ়াৰ খৰচ দিছে কাৰোৱাক আকৌ হালৰ গৰু কিনি দিছে।

ৰূপকথাৰ কাহিনী যেন লগা  এনেবোৰ কাম কৰোতে চনু ছুডৰ খৰচ হৈছে  ১০ কোটি টকাৰো ওপৰত।

এই বিশাল ধন ৰাশি অভিনেতাগৰাকীয়ে পাইছিল ক’ত?

এই প্ৰশ্নৰ উত্তৰো এতিয়া পোৱা গৈছে। বিপদত পৰা লোকক সহায় কৰাৰ বাবেই চনু ছুড আৰু তেওঁৰ পত্নী সোণালী ছুডে বেংকৰ ওচৰত বন্ধকত ৰাখিছিল তেওঁলোকৰ আঠটাকৈ সম্পত্তি।

দুৰ্গত জনক সহায় কৰাৰ বাবে নিজৰ সাচতীয়া সমস্ত ধন উজাৰি দিয়া চনু ছুডে পিছত খৰচৰ জোৰা মাৰিবলৈ আঠটা সম্পত্তি বেংকত বন্ধকত থৈছিল।

সেই সম্পত্তি কেইটাৰ ভিতৰত মুম্বাইৰ জুহুত থকা তেওঁৰ ছয়টা ফ্লেট আৰু দুখন দোকান আছে।

ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ ওচৰত অভিনেতা জনে ১৫ ছেপ্তেম্বৰতে চুক্তি কৰি সম্পত্তি কেইটা বন্ধকত থৈছিল।

২৪ নৱেম্বৰত এই চুক্তি পঞ্জীয়নকৃত হৈছিল। সম্পত্তি বন্ধকত ৰাখিবলৈ কৰা চুক্তিৰ পূৰ্বে চনু ছুডে বেংকত ৫ লাখ টকাৰ পঞ্জীয়ন মাচুল আদায় দিবলগীয়া হৈছিল।

ৱেষ্ট ইণ্ডিয়া ৰেচিডেন্সিয়েল ছাৰ্ভিচে শেহতীয়াকৈ এই তথ্য ৰাজহুৱা কৰিছে।

Related News