সমগ্ৰ দেশত গৰুক লৈ বিভিন্ন ৰাজনৈতিক চৰ্চা অব্যাহত থকাৰ সময়ত কৰ্ণাটক বিধানসভাত গো হত্যা ৰোধ আৰু গো সংৰক্ষণ বিধেয়ক-২০২০ গৃহীত কৰা হয়।
কৰ্ণাটক বিধানসভাত গো হত্যা ৰোধ আৰু গো সংৰক্ষণ বিধেয়ক-২০২০ গৃহীত কৰাৰ সময়ত বিৰোধী দল সমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু অৱশেষত বিধানসভাৰ পৰা প্ৰস্থান কৰে।
কৰ্ণাটক বিধানসভাত গৃহীত হোৱা নতুন গো হত্যা ৰোধ আৰু সংৰক্ষণ বিধেয়ক-২০২০ অনুসৰি ৰাজ্যখনত সকলো ধৰণৰ গো হত্যা নিষিদ্ধ কৰা হোৱাৰ লগতে কোনো লোকে এই নিয়ম উলংঘা কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব।
ইয়াৰ উপৰিও, ৫০,০০০ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্ত জৰিমণাৰ ব্যৱস্থাও কৰিছে কৰ্ণাটক চৰকাৰে।
উল্লেখযোগ্য যে, ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰে ৰাজ্য সমূহত গো হত্যা বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।
অসমতো একাংশ দল সংগঠনে মুকলিকৈ গো মাংস বেচা, কিনা কৰা আৰু ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাই আহিছে।