• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

কোকিল শইকীয়া by কোকিল শইকীয়া
July 30, 2025 9:57 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিনেত্ৰী নন্দিনীৰ কাশ্যপৰ তীব্ৰ বেগত গাড়ী চলোৱাৰ চখেই প্ৰাণ ল’লে নেকি পলিটেকনিকৰ ছাত্ৰ ছামিউল হকৰ? এই প্ৰশ্নৰ উত্থাপন হৈছে নন্দিন কাশ্যপৰ বাহনৰ ইতিহাস পোহৰলৈ অহাৰ পিছত।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে যোৱা ২৫ জুলাইৰ নিশা গুৱাহাটীৰ দক্ষিণগাঁৱৰ সমীপত অভিনেত্ৰী নন্দিনী কাশ্যপে চলাই অহা বলেৰ’ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ এপল’ হাস্পাতালত মৃত্যুৰে সৈতে হাৰ মানে ২২ বছৰীয়া ছামিউল হকে।

Apply Now

উল্লেখ্য যে ২৫ তাৰিখে দুৰ্ঘটনা সংঘটিত হোৱাৰ কেইঘন্টামান আগত গুৱাহাটী পৌৰ নিগমত অস্থায়ী কৰ্মচাৰী হিচাপে যোগ কৰিছিল ছামিউলে। দুৰ্ঘটনাৰ পিছত ছামিউলক প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ‎ঘটাৰ বাবে তেওঁক এপ’ল’ হাস্পাতাললৈ স্থানান্তৰ কৰা হৈছিল। আনহাতে, ছামিউলৰ মৃত্যুৰ পিছত গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ছামিউলৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সুচিকিৎসা লাভ কৰা নাছিল ছামিউলে। মাত্ৰ ভাগি যোৱা ভৰিত ফিটা বান্ধি হাস্পাতালৰ বিচনাত পেলাই থোৱা হৈছিল। কিন্তু পিছত স্বাস্থ্যৰ অধিক অৱনতি হোৱাত তেওঁক ততাতৈয়াকৈ এপল’ হাস্পাতাললৈ লৈ যায় পৰিয়ালৰ লোকে। কিন্তু চিকিৎসা লাভত পলম হোৱাৰ বাবে চিকিৎসকে প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে ভুক্তভোগী ছামিউলৰ।

এতিয়া আহো মূল কথালৈ। নন্দিনীৰ কাশ্যপৰ তীব্ৰ বেগত গাড়ী চলোৱাৰ চখেই প্ৰাণ ল’লে নেকি পলিটেকনিকৰ ছাত্ৰ ছামিউল হকৰ? খবৰ অনুসৰি, নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন হৈছে AS01FM9199 নম্বৰত পঞ্জীয়নকৃত এখন বগা ৰঙৰ বলেৰ’।

নন্দিনী কাশ্যপে দৈনন্দিন ব্যৱহাৰ কৰা এই গাড়ী খনৰ আছে একাধিকবাৰ যান-বাহন আইন উলংঘা কৰাৰ ইতিহাস। ২০১৪ চনৰ মাৰ্চ মাহৰ পৰা ২০২৫ চনৰ ১০ জুনলৈকে মুঠ ৫ বাৰ আইন উলংঘা কৰি তীব্ৰবেগত গাড়ীখন চলোৱাৰ বাবে নন্দিনী কাশ্যপক জৰিমণা বিহিছে পৰিবহন বিভাগে। প্ৰতিবাৰেই ২ হাজাৰ টকাকৈ মুঠ ১০ হাজাৰ টকাৰ অপৰিশোধিত জৰিমণা এতিয়াও আছে নন্দিনী কাশ্যপৰ এই বাহনখনৰ নামত।

২০২৪ চনৰ ১০ মাৰ্চত ব্যস্ত ৰাজপথত, একেটা বৰ্ষতে ১৭ অক্টোবৰত বৰমাত, ২০ মে’ত কাজিৰঙাত আৰু বাগৰিত আৰু ২০২৫ চনৰ ১০ জুনত নলবাৰীত গতিৰ সীমাৰেখা পাৰ কৰি গাড়ী চলোৱাৰ বাবে জৰিমণা লগোৱা হৈছে নন্দিনী কাশ্যপৰ এই বাহনখনৰ ওপৰত। নকলেও হ’ব যে এয়া মাত্ৰ পৰিবহন বিভাগৰ কেমেৰাত ধৰা পৰাৰ তথ্যহে। ধৰা নপৰাকৈ যে বহুবাৰ গতিৰ সীমাৰেখা পাৰ কৰি গাড়ী চলোৱা হৈছে সেয়া সহজেই অনুমেয় । সেয়েহে, প্ৰশ্ন উত্থাপন হৈছে, যান-বাহন আইন ভংগ কৰি তীব্ৰ গতিত গাড়ী চলোৱাটো চখলৈ পৰিণত হৈছিল নেকি নন্দিনী কাশ্যপৰ? অভিযোগ অনুসৰি, ছামিউল হকক খুন্দিওৱাৰ সময়তো নন্দিনী কাশ্যপে তীব্ৰগতিত চলাই আছিল বলেৰ’ বাহনখন।

কেৱল এয়াই নহয়, নন্দিনী কাশ্যপৰ বাহন খনত লাগি আছিল প্ৰেছৰ ষ্টিকাৰ। সেয়েহে, প্ৰশ্ন উত্থাপন হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপ সাংবাদিক আছিল নে অভিনেত্ৰী? সংবাদমাধ্যমত কৰ্মৰত নোহোৱাকৈ কেনেকৈ ব্যক্তিগত বাহনত প্ৰেছৰ ষ্টীকাৰ লগালে নন্দিনীয়ে?

অভিযোগ অনুসৰি, উক্ত দুৰ্ঘটনাৰ পিছত নন্দিনীয়ে কৈছিল যে তেওঁ ছামিউলৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব, মাত্ৰ কথাটো সংবাদ মাধ্যমক জনাব নালাগে। কিন্তু পৰৱৰ্তী সময়ত নন্দিনীয়ে চিকিৎসাৰ খৰচ বহন কৰিবলৈ অস্বীকাৰ কৰে। এফালে চিকিৎসাৰ খৰচ বহন কৰিবলৈ নন্দিনীৰ অস্বীকাৰ আৰু আনফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ গাফিলতি, যাৰ ফলত মাটি বিক্ৰী কৰি ছানিউলক এপল’ হাস্পাতাললৈ নিবলগা হয় পৰিয়ালটোৱে।

ইফালে আৰক্ষীৰ ভূমিকাকলৈও ‎অসন্তুষ্টি প্ৰকাশ কৰিছে ছামিউলৰ পৰিয়ালে। আৰক্ষীয়ে কোনোধৰণৰ সহযোগিতা নকৰাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালটোৱে কয় যে নন্দিনী কাশ্যপে নিজে আহি এবাৰো ছানিউলৰ খবৰ লোৱা নাছিল। দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে কোনো গোচৰ ৰুজু নকৰিলে আৰু নন্দিনী কাশ্যপৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ ঘৰলৈ যাবলৈ দিয়ে, আনকি বাহনখনো জব্দ নকৰিলে। ইয়াৰ পিছত সংবাদ মাধ্যমৰ হেঁচাত ২৮ জুলাইত আৰক্ষীয়ে দিছপুৰ থানালৈ মাতি নি সোধপোচ কৰি যাবলৈ দিয়ে। ২৯ জুলাইত ছানিউলৰ মৃ্ত্যুৰ পিছত ৰাইজৰ প্ৰতিক্ৰিয়া তীব্ৰ হৈ উঠাৰ পিছতহে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰে। এতিয়া স্বাভাৱিকতে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। লগতে প্ৰশ্ন উত্থাপন হৈছে যে নন্দিনী কাশ্যপৰ মূৰৰ ওপৰত কোনো ক্ষমতাধাৰী লোকৰ আাশীৰ্বাদ থকাৰ বাবেই আৰক্ষীয়ে গা এৰা দিছিল নেকি সমগ্ৰ বিষয়টোত।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd