গুৰুতৰ দুৰ্ঘটনাৰ বলি হৈছে অভিনেত্ৰী নুছৰত ভাৰুচা। এই মুহূৰ্তত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইণ্ডোনেচিয়াৰ বালিত শ্বুটিং কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সূত্ৰসমূহে জনাইছে।
জানিব পৰা গৈছে যে অভিনেত্ৰীগৰাকী সম্প্ৰতি বালিতে আছে। তাত শ্বুটিং চলি আছিল। শ্বুটিং ফ্ল’ৰত হঠাতে আঘাতপ্ৰাপ্ত হয় নুছৰত। তাতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসাৰ বাবে তেওঁ কিছুদিন বালিতেই থাকিব লাগিব।
কিছুদিন পূৰ্বে নুছৰতে বালিৰ পৰা কেইবাখনো ছবি পোষ্ট কৰিছিল। সম্ভৱতঃ তেওঁৰ পৰৱৰ্তী ছবিখনত টাইগাৰ শ্ৰফৰ সৈতে কাম কৰিব। কিন্তু সেই ছবিখনৰ শ্বুটিংৰ সময়ত এই ঘটনা ঘটিছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই ছবিখনত পশ্মিনা ৰোশন, অভিষেক বেনাৰ্জী আৰু এলভিছ যাদৱক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।
কিন্তু এয়াই প্ৰথম নহয়, ২০১৩ চনত ‘আকেলী’ ছবিখনৰ শ্বুটিংৰ সময়ত গুৰুতৰভাৱে আহত হৈছিল নুছৰত। তেতিয়াও বহুদিন জিৰণি ল’বলগীয়া হৈছিল। তাৰ পিছত, ‘চোৰী ২’ৰ বাবে শ্বুটিং কৰাৰ সময়তো মুখত আঘাত পায়।
২০২১ চনত ‘লাভ ৰঞ্জন’ ছবিৰ শ্বুটিঙৰ সময়তো নুছৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল। চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত সুস্থ হৈ কামত ব্যস্ত হৈ পৰিছিল।




