• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানপীড়িতৰ কাষত গৈ আৱেগিক হৈ পৰিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

NE NOW NEWS শান্তনু শইকীয়া
গুৱাহাটী , July 21, 2019 8:42 pm

2 min read

Prastuti Parashara

ফটো উৎস : ফেচবুক

617
VIEWS
Share on FacebookShare on Twitter

অসমীয়া চলচ্চিত্ৰ জগতত সাৱলীল অভিনয়েৰে দৰ্শকৰ মন জয় কৰা জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি বৃহত্তৰ কুৰোৱা অঞ্চলৰ বানাক্ৰান্ত লোকসকলৰ কাষত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হয়।

অভিনেত্ৰী গৰাকীয়ে বানাক্ৰান্ত লোক সকলক নিজৰ সাধ্যানুসাৰে সাহায্য প্ৰদান কৰাৰ লগতে বানত সৰ্বস্বান্ত হোৱা ৰাইজৰ দুখ-দুৰ্দশাৰো বুজ লয়। বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে ৰাইজৰ সহায়-সহযোগিতা দেখি আৱেগিক হৈ পৰে।

এই বিষয়ত তেওঁ নিজৰ ফেচবুক ৱালত লিখে এনেদৰে, ‘বৃহত্তৰ কুৰোৱা অঞ্চলৰ বানপীড়িত ৰাইজৰ কাষলৈ গ’লো। উদ্দেশ্য আছিল দূৰ্গত ৰাইজৰ খবৰ লোৱা আৰু বিপদত এষাৰি মাত লগোৱাৰ। লগত নিছিলো সীমিত সামৰ্থ অনুযায়ী য’ত সামান্য খাদ্য সামগ্ৰী আৰু খোৱা পানী বটল। যিহেতু আৱাহন থিয়েটাৰৰ শিবিৰৰ সমীপৱৰ্তী অঞ্চল এই কুৰোৱা, সেয়েহে কাষৰীয়া হিচাপে অনুভৱ কৰিছিলো এক নৈতিক দায়িত্ববোধৰ’।

‘দুৰ্ভগীয়া ৰাইজক একো দিব নোৱাৰিলেও তেওঁলোকৰ কাষলৈ যোৱাৰ বাবে মোক জনোৱা মৰম আশীৰ্বাদত সেমেকী উঠিল মোৰ দুচকু’। বন্যাৰ্তৰ খবৰ ল’বলৈ গৈ এইদৰে আবেগিক হৈ পৰে অভিনেত্ৰী গৰাকী।

তেওঁ লুইতৰ বলিয়া বানে কিদৰে অঞ্চলটোত ধ্বংসলীলা চলালে সেয়া প্ৰত্যক্ষ কৰা বুলিও উল্লেখ কৰে। তদুপৰি বানৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ তথা নদী বিশেষজ্ঞ সকলে অচিৰেই এক স্থায়ী বিজ্ঞান সন্মত সমাধানৰ পথ উলিয়াব বুলিও আশা প্ৰকাশ কৰে।

আনহাতে অভিনেত্ৰী গৰাকীয়ে নিজৰ ফেচবুক প’ষ্টটিৰ শেষত উল্লেখ কৰে, ‘ভূপেনদাৰ ভাষাৰে আশা কৰো আৰু বানে যেন তিঘিল নিঘিলাই আৰু যেন উটুৱাই নিনিয়ে কৃষক ৰাইজৰ আশাৰ কঠিয়া’।

ইয়াৰ উপৰি কুৰোৱা অঞ্চলৰ লুইতৰ মথাউৰি পৰিদৰ্শন কৰি যথেষ্ট উদ্বেগ প্ৰকাশ কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd