NORTHEAST NOW (Assamese)

বিপদত অক্ষয়! অভিনেত্ৰী শান্তিপ্ৰিয়াই অক্ষয়ৰ বিৰুদ্ধে আনিছে ডাঙৰ অভিযোগ

July 17, 2023 8:16 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 16, 2023 8:30 pm

বিপদত পৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। একালৰ সহ অভিনেত্ৰীয়ে অক্ষয়ৰ বিৰুদ্ধে আনিছে এই ভয়ংকৰ অভিযোগ। ‘ইক্কে পে ইক্কা’ ছবিত ১৯৯৪ চনত অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰা অভিনেত্ৰী শান্তিপ্ৰিয়াই অভিনেতাজনৰ বিৰুদ্ধে কিছু চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। 

শেহতীয়া এক সাক্ষাত্‍কাৰত শান্তিপ্ৰিয়াই ছবিখনৰ চিত্ৰগ্ৰহণৰ চেটত নিজৰ ‘বেয়া অভিজ্ঞতা’ৰ বিষয়ে কয় আৰু অভিযোগ কৰে যে অক্ষয়ে তেওঁৰ ছালৰ ৰং সন্দৰ্ভত কেনেদৰে বৰ্ণবিদ্বেষী মন্তব্য কৰিছিল। 

অক্ষয়ে আনৰ সন্মুখত তেওঁৰ আঁঠুৰ কলা ৰঙৰ সম্পৰ্কে মন্তব্য কৰিছিল বুলি অভিনেত্ৰীগৰাকীয়ে অপমানিত বোধ কৰা বুলি অভিযোগ কৰে।

অভিনেত্ৰীগৰাকীয়ে কয় যে শ্বুটিঙৰ সময়ত মই চুটি ড্ৰেছ পিন্ধিছিলো। মোৰ আঁঠু দুটা অলপ গাঢ় ৰঙৰ আছিল। সেইটোক লৈয়েই মোক অপমান কৰিছিল অক্ষয় কুমাৰে। তেওঁ মোক আঁঠুত আঘাত পোৱা বুলি ঠাট্টাসূচক মন্তব্য কৰিছিল।

শান্তিপ্ৰিয়াই ৯০ৰ দশকত বডি শ্বেমিংৰ প্ৰসংগ উল্লেখ কৰি কয় যে তেতিয়াৰ দক্ষিণৰ ছবিৰ পৰিচালকে কেনেকৈ তেওঁলোকৰ চিনেমাৰ বাবে “গাঢ় ৰঙৰ যুৱতী” বিচাৰিছিল। বলিউডৰ দৰে দক্ষিণৰ চিনেমাত বডি শ্বেমিঙৰ পৰম্পৰা নাছিল।

Related News