• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বুমৰাহৰ বিৰুদ্ধে খেলিলে ব্ৰেডমেনৰ গড়ো কমি গ’লহেঁতেন’; বিৰাট দাবী এডাম গ্ৰীলখ্ৰীষ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2025 1:57 pm
237
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহৰ বাবে ২০২৪ চনটো এটা সপোনৰ বছৰ আছিল। দেশতেই হওক বা বিদেশতেই হওক, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ঘৰুৱা ক্ৰিকেটলৈকে সকলোতে সফলতা আহিছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত এতিয়া কেৱল ভাৰতীয়ই নহয়, সকলো ক্ৰিকেটপ্ৰেমীয়ে বুমৰাহৰ অনুৰাগী। সেই তালিকাত প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি মন্তব্যকাৰীলৈকে সকলোকে অন্তৰ্ভুক্ত কৰা হৈছে।

এইবাৰ বুমৰাহৰ বিৰাট প্ৰশংসা শুনা গ’ল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এডাম গিলক্ৰিষ্টৰ পৰা। তেওঁৰ মতে বুমৰাহে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ডন ব্ৰেডমেনকো কঠিন প্ৰত্যাহ্বানৰ মুখত পেলাব পাৰিলেহেঁতেন।

শেহতীয়াকৈ এডাম গিলক্ৰিষ্ট আৰু ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল ভ’নে এটা প’ডকাষ্টত অংশগ্ৰহণ কৰিছিল। তাত গিলক্ৰিষ্টে কয়, “মই বুমৰাহক কোনো নম্বৰ দিব নিবিচাৰো, কাৰণ তেওঁ বিশ্ব ক্ৰিকেটত নিজকে যি স্তৰলৈ লৈ গৈছে, সেইটো কোনো সংখ্যাৰে বিচাৰ কৰিব নোৱাৰি। মই ভাবো ব্ৰেডমেনৰ বিৰুদ্ধে খেলিলেও বুমৰাহে তেওঁক অতি কম সময়ৰ ভিতৰতে আউট কৰিব পাৰিলেহেঁতেন। আনকি বুমৰাহৰ দৰে বলাৰৰ বিৰুদ্ধে খেলিলে ব্ৰেডমেনৰ ঐতিহাসিক বেটিং গড় ৯৯ ৰান হয়তো যথেষ্ট হ্ৰাস পালেহেঁতেন। মই ভাবো বুমৰাহৰ বিৰুদ্ধে ব্ৰেডমেনৰ বেটিং গড় প্ৰায় ৩৫ৰ আশেপাশে থাকিলেহেঁতেন। কোনো প্ৰশংসাই বুমৰাহৰ বাবে যথেষ্ট নহয়।”

মাইকেল ভ’নেও বুমৰাহৰ প্ৰদৰ্শনক ১০ৰ ভিতৰত ১০ নম্বৰ দিয়ে। ২০২৪ চনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দুয়োটা শৃংখলাত বুমৰাহে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত গড়ে মাত্ৰ ১৩.০৬ ৰান দি ৫খন টেষ্টত ৩২টা উইকেট দখল কৰিছে বুমৰাহে। ইংলেণ্ডৰ বিৰুদ্ধেও তেওঁ ১৯টা উইকেট দখল কৰে।

টি-২০ বিশ্বকাপতো ১৫ উইকেট দখল কৰি বুমৰাহে শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিত হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২১খন খেলত মুঠ ৮৬টা উইকেট দখল কৰি ২০২৪ চনত তেওঁ সৰ্বাধিক উইকেট দখল কৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd