ছত্তীশগড়ৰ ৰায়গড় জিলাৰ তামনাৰ তহচিলত আদানী গোটৰ কয়লা খননৰ প্ৰকল্পৰ বাবে প্ৰায় ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিলেও, ২৬ আৰু ২৭ জুনত পালমা ছেক্টৰ-২ ব্লকত প্ৰায় ৫ হাজাৰ গছ কটাৰ ঘটনাই অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়া জন্মাইছে। এই ঘটনাই পৰিৱেশৰ লগতে জনজীৱনতো গভীৰ প্ৰভাৱ পেলাইছে।
২০১৫ চনত কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে এই খনিটো আদানী গোটক স্বত্বাধিকাৰ প্ৰদান কৰে। এই খনিত প্ৰায় ৬৫৫.১৫৩ মেট্ৰিক টন কয়লা মজুত আছে। এই প্ৰকল্পৰ বাবে ২৫৮৪ হেক্টৰ মাটিৰ ২১৫ হেক্টৰ বনাঞ্চল অধিগ্ৰহণ কৰা হৈছে। এই প্রকল্পৰ জৰিয়তে ১৪খন গাঁও আৰু প্ৰায় ১৭০০ পৰিয়াল গৃহহীন হ’ব, বুলি এক বিবৃতিত জনোৱা হৈছে। ৭,৬৪২ কোটি টকাৰ এই প্ৰকল্পৰ দ্বাৰা স্থানীয় জীৱন-জীৱিকা চিৰদিনৰ বাবে সংকটত পৰাৰ আশংকা জন্মিছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ২৬ জুনৰ পুৱাতে শৰাইতোলা গাঁৱৰ মুদাগাঁৱত আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজত গছ কটাৰ কাম আৰম্ভ হয়। এই ঘটনাৰ প্ৰতিবাদত বহু স্থানীয় ৰাইজ, পৰিৱেশ কৰ্মী, কংগ্ৰেছৰ বিধায়ক বিদ্যাৱতী সিদ্ধা, আৰু সাহিত্যিক ৰিঞ্চিনসহ ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। হাবিত মহুৱা ফুল সংগ্ৰহ কৰিবলৈ অহা তিনিগৰাকী মহিলাকো আটক কৰে।
স্থানীয় লোকে কয় যে, “এই অঞ্চল এটা সময়ত মাওবাদীৰ দখলত আছিল। চৰকাৰৰ অভিযানৰ পিছত মাওবাদীহীন হোৱা এই অঞ্চলত এতিয়া আদিবাসীৰ ভূমি আদানীক হস্তান্তৰ কৰি উন্নয়নৰ নামেৰে বন ধ্বংস কৰা হৈছে।” অঞ্চলটোত জনজাতিসকলৰ বাবে এই বন হৈছে জীৱিকাৰ উৎস, খাদ্য, বনৌষধি আৰু সংস্কৃতিৰ মূল আধাৰ।
প্ৰসংগক্ৰমে বন ধ্বংসৰ ফলত পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত প্ৰায় ১৫.২২ কোটি টকাৰ লোকচান হ’ব বুলি ধাৰণা কৰা হৈছে। এই অঞ্চলটো কেৱল গছপুলিয়ে নহয়, শতাধিক প্ৰজাতিৰ জীৱ-জন্তুৰ আবাসস্থল। ২০১৭ চনৰ পৰাই স্থানীয় লোক আৰু পৰিৱেশবিদসকলে এই প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে। ছত্তীশগড় উচ্চ ন্যায়ালয় আৰু পৰিৱেশ আদালততো গোচৰ ৰুজু কৰা হৈছে, তথাপিও সকলো প্ৰতিবাদ আৰু আপত্তিক উপেক্ষা কৰি গছ কটাৰ কাম অব্যাহত আছে।