• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ ৰায়গড় জিলাৰ তামনাৰ তহচিলত আদানী গোটৰ কয়লা খননৰ প্ৰকল্পৰ বাবে প্ৰায় ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিলেও, ২৬ আৰু ২৭ জুনত পালমা ছেক্টৰ-২ ব্লকত প্ৰায় ৫ হাজাৰ গছ কটাৰ ঘটনাই অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়া জন্মাইছে। এই ঘটনাই পৰিৱেশৰ লগতে জনজীৱনতো গভীৰ প্ৰভাৱ পেলাইছে।

২০১৫ চনত কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে এই খনিটো আদানী গোটক স্বত্বাধিকাৰ প্ৰদান কৰে। এই খনিত প্ৰায় ৬৫৫.১৫৩ মেট্ৰিক টন কয়লা মজুত আছে। এই প্ৰকল্পৰ বাবে ২৫৮৪ হেক্টৰ মাটিৰ ২১৫ হেক্টৰ বনাঞ্চল অধিগ্ৰহণ কৰা হৈছে। এই প্রকল্পৰ জৰিয়তে ১৪খন গাঁও আৰু প্ৰায় ১৭০০ পৰিয়াল গৃহহীন হ’ব, বুলি এক বিবৃতিত জনোৱা হৈছে। ৭,৬৪২ কোটি টকাৰ এই প্ৰকল্পৰ দ্বাৰা স্থানীয় জীৱন-জীৱিকা চিৰদিনৰ বাবে সংকটত পৰাৰ আশংকা জন্মিছে।

Apply Now

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ২৬ জুনৰ পুৱাতে শৰাইতোলা গাঁৱৰ মুদাগাঁৱত আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজত গছ কটাৰ কাম আৰম্ভ হয়। এই ঘটনাৰ প্ৰতিবাদত বহু স্থানীয় ৰাইজ, পৰিৱেশ কৰ্মী, কংগ্ৰেছৰ বিধায়ক বিদ্যাৱতী সিদ্ধা, আৰু সাহিত্যিক ৰিঞ্চিনসহ ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। হাবিত মহুৱা ফুল সংগ্ৰহ কৰিবলৈ অহা তিনিগৰাকী মহিলাকো আটক কৰে।

স্থানীয় লোকে কয় যে, “এই অঞ্চল এটা সময়ত মাওবাদীৰ দখলত আছিল। চৰকাৰৰ অভিযানৰ পিছত মাওবাদীহীন হোৱা এই অঞ্চলত এতিয়া আদিবাসীৰ ভূমি আদানীক হস্তান্তৰ কৰি উন্নয়নৰ নামেৰে বন ধ্বংস কৰা হৈছে।” অঞ্চলটোত জনজাতিসকলৰ বাবে এই বন হৈছে জীৱিকাৰ উৎস, খাদ্য, বনৌষধি আৰু সংস্কৃতিৰ মূল আধাৰ।

 প্ৰসংগক্ৰমে বন ধ্বংসৰ ফলত পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত প্ৰায় ১৫.২২ কোটি টকাৰ লোকচান হ’ব বুলি ধাৰণা কৰা হৈছে। এই অঞ্চলটো কেৱল গছপুলিয়ে নহয়, শতাধিক প্ৰজাতিৰ জীৱ-জন্তুৰ আবাসস্থল। ২০১৭ চনৰ পৰাই স্থানীয় লোক আৰু পৰিৱেশবিদসকলে এই প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে। ছত্তীশগড় উচ্চ ন্যায়ালয় আৰু পৰিৱেশ আদালততো গোচৰ ৰুজু কৰা হৈছে, তথাপিও সকলো প্ৰতিবাদ আৰু আপত্তিক উপেক্ষা কৰি গছ কটাৰ কাম অব্যাহত আছে।

Tags: #TribalRightsAdaniChhattisgarhClimateCrisisCoalMiningDeforestationEnvironmentalJusticeForestRightsStopAdani
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd