DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 1:36 pm
cow hug day
145
VIEWS
Share on FacebookShare on Twitter

বৈদিক পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ১৪ ফেব্ৰুৱাৰীত ‘গো আলিংগন দিৱস’ হিচাপে পালন কৰিবলৈ পশু কল্যাণ ব’ৰ্ডে আহ্বান জনোৱা জাননীক কেন্দ্ৰ কৰি দেশত এতিয়া সৰস চৰ্চা চলিছে। ব’ৰ্ডৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা সঞ্জয় ৰাউটে এক বিশেষ টিপ্পনী দিছে।

পশু কল্যাণ ব’ৰ্ডে পালন কৰিবলৈ আহ্বান জনোৱা গো আলিংগন দিৱসৰ প্ৰাকক্ষণত ৰাউটে বিজেপি চৰকাৰক কটাক্ষ কৰি ধনকুবেৰ গৌতম আদানীক বিজেপিৰ বাবে পবিত্ৰ গৰু আখ্যা দিছে।

সঞ্জয় ৰাউটৰ মতে, আদানী বিজেপিৰ বাবে পবিত্ৰ গৰু। সেয়েহে বিজেপিয়ে তেওঁলোকৰ পবিত্ৰ গৰুটোক সাৱটি ধৰিছে আৰু ভেলেণ্টাইন ডে’ত আমাৰ বাবে সাৱটি ধৰিবলৈ আন গৰু এৰি থৈ গৈছে।

“অৱশ্যে আমি গৰুক গোমাতা বুলি সন্মান কৰো আৰু আমাৰ মৰম দেখুৱাবলৈ কোনো বিশেষ দিনৰ প্ৰয়োজন নাই” বুলি ৰাউটে লগতে মন্তব্য কৰে।

উল্লেখ্য যে, যোৱা ৬ ফেব্ৰুৱাৰীত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে এক জাননী জাৰি কৰি ১৪ ফেব্ৰুৱাৰীত গো আলিংগন দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছিল। ব’ৰ্ডৰ মতে এই দিৱস পালন কৰিলে সমৃদ্ধি ঘটিব আৰু সামূহিক সুখ আৰু ইতিবাচক শক্তি বৃদ্ধি পাব।

লগতে পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ বাবে বৈদিক পৰম্পৰা প্ৰায় বিলুপ্ত হোৱাৰ পথত আগবাঢ়িছে আৰু সেয়েহে গো আলিংগন দিৱসৰ দৰে এটা বিশেষ দিনৰ প্ৰয়োজন আছে বুলিও পশু কল্যাণ ব’ৰ্ডে জাননীখনত উল্লেখ কৰিছিল।

এতিয়া সঞ্জয় ৰাউটে চৰকাৰী বিভাগটোৰ এই আজৱ জাননীক ইতিকিং কৰি সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল কৰি থকা আদানী বিতৰ্কৰ সৈতে সাঙুৰিছে। স্মৰ্তব্য যে, আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানীৰ জালিয়াতিৰ অভিযোগ তুলি প্ৰকাশ কৰা প্ৰতিবেদনক কেন্দ্ৰ কৰি বিজেপি চৰকাৰক আক্ৰমণ চলাই আহিছে বিৰোধীয়ে।

বিৰোধীয়ে সংসদত এই বিষয়ত আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি অহাৰ লগতে উত্থাপিত অভিযোগ সন্দৰ্ভত যৌথ সংসদীয় সমিতিৰ তদন্ত বা উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ দাবী জনাই আহিছে।

Recent News

daily flights on Guwahati-Dibrugarh

গুৱাহাটী-ডিব্ৰুগড় আৰু গুৱাহাটী-শিলচৰ সংযোগী পথত দৈনিক চলিব বিমান: ফ্লাইবিগৰ সৈতে স্বাক্ষৰ চুক্তি

Rahul Gandhi

“মোৰ নাম চাভাৰকাৰ নহয়, গান্ধী; ক্ষমা নোখোজোঁ”: ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd