NORTHEAST NOW (Assamese)

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

February 9, 2023 1:36 pm · এন ই নাও নিউজ, গুৱাহাটী

বৈদিক পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ১৪ ফেব্ৰুৱাৰীত ‘গো আলিংগন দিৱস’ হিচাপে পালন কৰিবলৈ পশু কল্যাণ ব’ৰ্ডে আহ্বান জনোৱা জাননীক কেন্দ্ৰ কৰি দেশত এতিয়া সৰস চৰ্চা চলিছে। ব’ৰ্ডৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা সঞ্জয় ৰাউটে এক বিশেষ টিপ্পনী দিছে।

পশু কল্যাণ ব’ৰ্ডে পালন কৰিবলৈ আহ্বান জনোৱা গো আলিংগন দিৱসৰ প্ৰাকক্ষণত ৰাউটে বিজেপি চৰকাৰক কটাক্ষ কৰি ধনকুবেৰ গৌতম আদানীক বিজেপিৰ বাবে পবিত্ৰ গৰু আখ্যা দিছে।

সঞ্জয় ৰাউটৰ মতে, আদানী বিজেপিৰ বাবে পবিত্ৰ গৰু। সেয়েহে বিজেপিয়ে তেওঁলোকৰ পবিত্ৰ গৰুটোক সাৱটি ধৰিছে আৰু ভেলেণ্টাইন ডে’ত আমাৰ বাবে সাৱটি ধৰিবলৈ আন গৰু এৰি থৈ গৈছে।

“অৱশ্যে আমি গৰুক গোমাতা বুলি সন্মান কৰো আৰু আমাৰ মৰম দেখুৱাবলৈ কোনো বিশেষ দিনৰ প্ৰয়োজন নাই” বুলি ৰাউটে লগতে মন্তব্য কৰে।

উল্লেখ্য যে, যোৱা ৬ ফেব্ৰুৱাৰীত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে এক জাননী জাৰি কৰি ১৪ ফেব্ৰুৱাৰীত গো আলিংগন দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছিল। ব’ৰ্ডৰ মতে এই দিৱস পালন কৰিলে সমৃদ্ধি ঘটিব আৰু সামূহিক সুখ আৰু ইতিবাচক শক্তি বৃদ্ধি পাব।

লগতে পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ বাবে বৈদিক পৰম্পৰা প্ৰায় বিলুপ্ত হোৱাৰ পথত আগবাঢ়িছে আৰু সেয়েহে গো আলিংগন দিৱসৰ দৰে এটা বিশেষ দিনৰ প্ৰয়োজন আছে বুলিও পশু কল্যাণ ব’ৰ্ডে জাননীখনত উল্লেখ কৰিছিল।

এতিয়া সঞ্জয় ৰাউটে চৰকাৰী বিভাগটোৰ এই আজৱ জাননীক ইতিকিং কৰি সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল কৰি থকা আদানী বিতৰ্কৰ সৈতে সাঙুৰিছে। স্মৰ্তব্য যে, আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানীৰ জালিয়াতিৰ অভিযোগ তুলি প্ৰকাশ কৰা প্ৰতিবেদনক কেন্দ্ৰ কৰি বিজেপি চৰকাৰক আক্ৰমণ চলাই আহিছে বিৰোধীয়ে।

বিৰোধীয়ে সংসদত এই বিষয়ত আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি অহাৰ লগতে উত্থাপিত অভিযোগ সন্দৰ্ভত যৌথ সংসদীয় সমিতিৰ তদন্ত বা উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ দাবী জনাই আহিছে।

Related News