গুজৰাটত আদানীৰ মাটি বেদখল! হাইকোৰ্টৰ ৰায়দানত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গুজৰাটৰ কচ্চত অবৈধ ভূমি অধিগ্ৰহণৰ গোচৰত উচ্চতম ন্যায়ালয়ে আদানী গোটক সকাহ প্ৰদান কৰে। বুধবাৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে গুজৰাট উচ্চ ন্যায়ালয়ে আদানী গোটক মাটি ঘূৰাই দিয়াৰ নিৰ্দেশ স্থগিত ৰাখিছে।

মুন্দ্ৰা বন্দৰৰ লাগোয়া অঞ্চলত বিশেষ অৰ্থনৈতিক মণ্ডল (SEZ) নিৰ্মাণৰ বাবে ১০৮ হেক্টৰ চৰণীয়া পথাৰ (গাউচাৰ) বেদখল কৰাৰ অভিযোগ আদানী বিৰুদ্ধে উত্থাপন হৈছে। ২০০৫ চনত গুজৰাট চৰকাৰে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ” উদ্যোগপতি গৌতম আদানী গোটৰ সৈতে ২৩১ হেক্টৰ মাটি হস্তান্তৰ কৰাৰ বাবে চুক্তিবদ্ধ হয়। সেই ‘বিতৰ্কিত’ মাটিখিনি তাতেই আছিল।

স্থানীয় গাঁওবাসীয়ে চৰণীয়া পথাৰ হস্তান্তৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সময়তে গুজৰাট উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক গাঁওবাসীক ভূমি ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। যোৱা ৫ জুলাইত ৰাজ্য চৰকাৰে গুজৰাট উচ্চ ন্যায়ালয়ক অৱগত কৰিছিল যে আদানীৰ পৰা ১০৮ হেক্টৰ গৌচাৰ পুনৰ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। কিন্তু তাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে আদানী গোটৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ৰ ৰায় স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।