NORTHEAST NOW (Assamese)

আদানী গোটৰ জালিয়াতিৰ তদন্তৰ বাবে বিশেষজ্ঞ সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ

March 2, 2023 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

বহু চৰ্চিত আৰু বহু বিতৰ্কিত আদানী গোটৰ জালিয়াতিৰ তদন্তৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। আজি দেশৰ শীৰ্ষ আদালতে আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে পোহৰলৈ অনা আদানী গ্ৰুপৰ শ্বেয়াৰ জালিয়াতিৰ অভিযোগৰ তদন্তৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰাৰ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ এম ছাপ্ৰেৰ নেতৃত্বত গঠিত এই বিশেষজ্ঞ সমিতিয়ে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানীৰহ গোটৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পৰীক্ষা কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিশেষজ্ঞ সমিতি গঠন কৰে। প্ৰাক্তন ন্যায়াধীশ অভয় মনোহৰ ছাপ্ৰেৰ নেতৃত্বৰ এই সমিতিত থাকিব প্ৰবীণ বেংকাৰ কেভি কামাথ আৰু অ’ পি ভাট, প্ৰাক্তন ন্যায়াধীশ জে পি দেৱধৰ, ইনফ’চিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানী।

আনহাতে বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিক দুমাহৰ ভিতৰত এই অভিযোগৰ তদন্ত সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। লগতে আদানী গোটে ছেবিৰ নিয়মৰ ১৯ নং ধাৰা উলংঘা কৰিছে নেকি তথা ষ্টকৰ মূল্যত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি হৈছে নেকি, তাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে।

তদুপৰি ছেবিক তদন্তৰ সকলো তথ্য বিশেষজ্ঞ সমিতিক দিয়াৰ লগতে দুমাহৰ পাছত শীৰ্ষ আদালতৰ সন্মুখত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে বিচাৰপীঠে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ লগতে ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে শ্বেয়াৰ বজাৰৰ বাবে বৰ্তমানৰ নিয়ন্ত্ৰণমূলক ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ বাবে ডমেইন বিশেষজ্ঞৰ পেনেল গঠনৰ সন্দৰ্ভত ৰায়দান কৰে।

উল্লেখ্য যে আদানী গোটৰ জালিয়াতি সন্দৰ্ভত এতিয়ালৈকে শীৰ্ষ আদালতত চাৰিখন পিআইএল দাখিল কৰা হৈছে। অধিবক্তা এম এল শৰ্মা, বিশাল তিৱাৰী, কংগ্ৰেছ নেতা জয়া ঠাকুৰ আৰু সমাজ কৰ্মী মুকেশ কুমাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন।

Related News