DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

আদানী গোটৰ জালিয়াতিৰ তদন্তৰ বাবে বিশেষজ্ঞ সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰত ছেবিক তদন্ত সমাপ্ত কৰিবলৈ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 11:55 am
Supreme Court on Adani Row
124
VIEWS
Share on FacebookShare on Twitter

বহু চৰ্চিত আৰু বহু বিতৰ্কিত আদানী গোটৰ জালিয়াতিৰ তদন্তৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। আজি দেশৰ শীৰ্ষ আদালতে আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে পোহৰলৈ অনা আদানী গ্ৰুপৰ শ্বেয়াৰ জালিয়াতিৰ অভিযোগৰ তদন্তৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰাৰ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ এম ছাপ্ৰেৰ নেতৃত্বত গঠিত এই বিশেষজ্ঞ সমিতিয়ে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানীৰহ গোটৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পৰীক্ষা কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিশেষজ্ঞ সমিতি গঠন কৰে। প্ৰাক্তন ন্যায়াধীশ অভয় মনোহৰ ছাপ্ৰেৰ নেতৃত্বৰ এই সমিতিত থাকিব প্ৰবীণ বেংকাৰ কেভি কামাথ আৰু অ’ পি ভাট, প্ৰাক্তন ন্যায়াধীশ জে পি দেৱধৰ, ইনফ’চিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানী।

আনহাতে বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিক দুমাহৰ ভিতৰত এই অভিযোগৰ তদন্ত সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। লগতে আদানী গোটে ছেবিৰ নিয়মৰ ১৯ নং ধাৰা উলংঘা কৰিছে নেকি তথা ষ্টকৰ মূল্যত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি হৈছে নেকি, তাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে।

তদুপৰি ছেবিক তদন্তৰ সকলো তথ্য বিশেষজ্ঞ সমিতিক দিয়াৰ লগতে দুমাহৰ পাছত শীৰ্ষ আদালতৰ সন্মুখত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে বিচাৰপীঠে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ লগতে ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে শ্বেয়াৰ বজাৰৰ বাবে বৰ্তমানৰ নিয়ন্ত্ৰণমূলক ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ বাবে ডমেইন বিশেষজ্ঞৰ পেনেল গঠনৰ সন্দৰ্ভত ৰায়দান কৰে।

উল্লেখ্য যে আদানী গোটৰ জালিয়াতি সন্দৰ্ভত এতিয়ালৈকে শীৰ্ষ আদালতত চাৰিখন পিআইএল দাখিল কৰা হৈছে। অধিবক্তা এম এল শৰ্মা, বিশাল তিৱাৰী, কংগ্ৰেছ নেতা জয়া ঠাকুৰ আৰু সমাজ কৰ্মী মুকেশ কুমাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন।

Recent News

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd